গুৰু টেগ বাহাদুৰৰ ৩৫০ সংখ্যক শ্বহীদ বাৰ্ষিকীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি
নতুন দিল্লী, ২৩ নৱেম্বৰ (হি.স.)। গুৰু টেগ বাহাদুৰৰ ৩৫০ সংখ্যক শ্বহীদ বাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰলৈ বাৰ্তা প্ৰেৰণ কৰি তেওঁক বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ধৰ্ম, মানৱতা, সত্যৰ আদৰ্শ ৰক্ষাৰ বাবে গুৰু টেগ
राष्ट्रपति द्रौपदी मुर्मू


নতুন দিল্লী, ২৩ নৱেম্বৰ (হি.স.)। গুৰু টেগ বাহাদুৰৰ ৩৫০ সংখ্যক শ্বহীদ বাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰলৈ বাৰ্তা প্ৰেৰণ কৰি তেওঁক বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনায়।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ধৰ্ম, মানৱতা, সত্যৰ আদৰ্শ ৰক্ষাৰ বাবে গুৰু টেগ বাহাদুৰে প্ৰাণ আহুতি দিছিল। তেওঁৰ সাহস, ত্যাগ আৰু নিস্বাৰ্থ সেৱা সকলোৰে বাবে প্ৰেৰণা। তেওঁ কয় যে গুৰু টেগ বাহাদুৰৰ শিক্ষাই আমাক সদায় দৃঢ়তা আৰু সাহসেৰে ন্যায়ৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে দেশবাসীক এই সুযোগতে গুৰু টেগ বাহাদুৰে দেখুওৱা পথ অনুসৰণ কৰি দেশৰ সমন্বয়, সদিচ্ছা, আৰু ঐক্যৰ মূল্যবোধক আৰু অধিক শক্তিশালী কৰাৰ সংকল্প ল’বলৈ আহ্বান জনায়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande