
নতুন দিল্লী, ২৩ নৱেম্বৰ (হি.স.)। দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা (আই বি এছ এ)ৰ আলোচনা মঞ্চৰ বৈঠকত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে মানৱকেন্দ্ৰিক উন্নয়ন শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ অপৰিহাৰ্য ভূমিকাত গুৰুত্ব আৰোপ কৰি আই বি এছ এ ডিজিটেল ইনোভেচন এলায়েন্স গঠনৰ প্ৰস্তাৱ আগবঢ়ায়।
তেওঁ কয় যে ইয়াৰ দ্বাৰা তিনিওখন দেশৰ মাজত ইউপিআইৰ দৰে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, ক’ৱিনৰ দৰে স্বাস্থ্য মঞ্চ, চাইবাৰ সুৰক্ষাৰ কাঠামো, আৰু মহিলাৰ নেতৃত্বত প্ৰযুক্তিৰ পদক্ষেপৰ অংশীদাৰিত্ব সহজ হ’ব। ৪০খন দেশৰ প্ৰকল্পসমূহক সহায় কৰাৰ ক্ষেত্ৰত আই বি এছ এ পুঁজিৰ কামৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে দক্ষিণ-দক্ষিণ সহযোগিতাক আৰু অধিক আগুৱাই নিয়াৰ বাবে জলবায়ু স্থিতিস্থাপক কৃষিৰ বাবে আই বি এছ এ পুঁজিৰ প্ৰস্তাৱ আগবঢ়ায়।
প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে বিশ্ব শাসন প্ৰতিষ্ঠানসমূহ একবিংশ শতিকাৰ বাস্তৱতাৰ সৈতে বহু দূৰত। সংস্কাৰৰ বাবে এইবোৰ অপৰিহাৰ্য বুলি এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিবলৈ তেওঁ আই বি এছ এক আহ্বান জনায়। বিশেষকৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ভিতৰত বিশ্ব শাসন এতিয়া বিকল্প নহয় বৰঞ্চ এক প্ৰয়োজনীয়তা। সন্ত্ৰাসবাদ বিৰোধী সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ঘনিষ্ঠ সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিওঁতে দ্বৈত মানদণ্ডৰ কোনো স্থান থাকিব নালাগে।
প্ৰধানমন্ত্ৰীয়ে আই বি এছ এৰ নিৰাপদ, নিৰ্ভৰযোগ্য, আৰু মানৱকেন্দ্ৰিক এ আই নীতিৰ বিকাশত অৰিহণা যোগোৱাৰ সম্ভাৱনাৰ ওপৰতো আলোকপাত কৰে। অহা বছৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া এ আই ইমপেক্ট ছামিটলৈ তেওঁ আই বি এছ এৰ নেতাসকলক আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে আই বি এছ এ ইজনে সিজনৰ উন্নয়নৰ পৰিপূৰক হিচাপে কাম কৰিব পাৰে আৰু বহনক্ষম উন্নয়নৰ বাবে আদৰ্শ হিচাপে কাম কৰিব পাৰে। তেওঁ মোটা শস্য, প্ৰাকৃতিক কৃষি, দুৰ্যোগৰ প্ৰতিৰোধ ক্ষমতা, সেউজ শক্তি, পৰম্পৰাগত ঔষধ, স্বাস্থ্য সুৰক্ষা আদি ক্ষেত্ৰত সহযোগিতাৰ সুযোগসমূহৰ ওপৰত আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে আই বি এছ এ কেৱল তিনিখন দেশৰ গোট নহয়, বৰঞ্চ তিনিখন মহাদেশৰ তিনিখন প্ৰধান গণতন্ত্ৰ আৰু তিনিখন প্ৰধান অৰ্থনীতিক সংযোগ কৰা এক গুৰুত্বপূৰ্ণ মঞ্চ। আফ্ৰিকাৰ ভূমিত প্ৰথম জি-২০ সন্মিলনৰ সমান্তৰালকৈ অনুষ্ঠিত হোৱা বৈঠকক প্ৰধানমন্ত্ৰীয়ে শলাগ লয়। তেওঁ কয় যে জি-২০ৰ ফলত মানৱকেন্দ্ৰিক উন্নয়ন, বহুপক্ষীয় ৰূপান্তৰ, আৰু বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাই আঁত ধৰা এই বৈঠকত প্ৰধানমন্ত্ৰী মোডী আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাই অংশগ্ৰহণ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ