
–পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ওপৰত চমু নাট প্ৰদৰ্শন
–অপাৰেচন সিন্দুৰৰ আলমত বিভিন্ন কাৰ্যসূচী সম্পন্ন
শোণিতপুৰ, ২৩ নৱেম্বৰ (হি.স.)। পঞ্চম অসম বেটেলিয়ান, তেজপুৰে আজি এনচিচি দিৱস দৰং মহাবিদ্যালয় প্ৰাংগনত উলহ-মালহেৰে উদযাপন কৰে। পঞ্চম অসম বেটেলিয়ানৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল উন্নী কৃষ্ণনে কেডেটসকলৰ দ্বাৰা গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰাৰ পাছতেই পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ওপৰত এক চমু নাট ৰূপায়ণেৰে আজিৰ প্ৰতিস্থা দিৱসৰ কাৰ্য্যসূচীৰ শুভাৰম্ভণি কৰা হয়।
মহাবিদ্যালয়ৰ বাকৰিত গুঞ্জৰিত হৈ উঠে ভাৰত মাতা কি জয় ধ্বনি। মূলত: কেডেটসকলৰ মাজত দেশপ্ৰেম আৰু একতাৰ বান্ধোন কটকটীয়া কৰিবলৈ আজিৰ এই 'অপাৰেচন সিন্দুৰ'ৰ আলমত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইয়াৰ উপৰিও বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয়। দৰং মহাবিদ্যালয় এনচিচি ইউনিট ৰ লগত সহযোগ কৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক কন্যা বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীয়েও।
আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে পঞ্চম অসম বেটেলিয়ানৰ প্ৰশাসনিক বিষয়া কৰ্ণেল মাধৱ বড়ো, তেজপুৰ বিশ্ববিদ্যালয়ৰ মাছ কমিউনিকেচন বিভাগৰ মুৰব্বী অধ্যাপক ড৹ অভিজিত বৰা, দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹পলাশমনি শইকীয়া, উপাধ্যক্ষ ড৹প্ৰণৱজ্যোতি দাস, এনচিচিৰ বিষয়া কুলৰাম মিলি আৰু বৰ্ণালী শইকীয়া।
ভাষণ প্ৰসংগত কৰ্ণেল উন্নী কৃষ্ণনে কেডেটসকলক দেশসেৱাৰ প্ৰতি নিজকে উৎসৰ্গিত কৰিবলৈ আহ্বান জনায়। অধ্যক্ষ ড০ পলাশমনি শইকীয়াই এটা শৃংখলাবদ্ধ জীৱন শৈলীয়ে কেনেকৈ সফলতা কঢ়িয়াই আনে সেই বিষয়ে এক মনোজ্ঞ আলোচনা আগবঢ়ায়।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ