মাৰ্ঘেৰিটাৰ ইনথেম বৌদ্ধ বিহাৰত সংঘটিত হত্যাকাণ্ড
তিনিচুকিয়া, ২৩ নৱেম্বৰ (হি.স.)। মাৰ্ঘেৰিটাৰ ইনথেম বৌদ্ধ বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মাৰ্ঘেৰিটাৰ ইনথেম বৌদ্ধ বিহাৰৰ অধ্যক্ষ ইন্দ্ৰবংশ ভিক্ষুক দুৰ্বিত্তই বৌদ্ধ বিহাৰৰ ভিতৰত সোমাই কৰিলে হত্যা। স্থানীয় লোকে জানিব দিয়া অনুসৰি নিশা প
মাৰ্ঘেৰিটাৰ ইনথেম বৌদ্ধ বিহাৰত সংঘটিত হত্যাকাণ্ড


তিনিচুকিয়া, ২৩ নৱেম্বৰ (হি.স.)। মাৰ্ঘেৰিটাৰ ইনথেম বৌদ্ধ বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মাৰ্ঘেৰিটাৰ ইনথেম বৌদ্ধ বিহাৰৰ অধ্যক্ষ ইন্দ্ৰবংশ ভিক্ষুক দুৰ্বিত্তই বৌদ্ধ বিহাৰৰ ভিতৰত সোমাই কৰিলে হত্যা। স্থানীয় লোকে জানিব দিয়া অনুসৰি নিশা প্ৰায় ৮.৩০ বজাত কোনো অচিনাকি দুৰ্বিত্তই কুঠাৰেৰে অতি নিৰ্মম ভাৱে হত্যা কৰি থৈ যায় বৌদ্ধ বিহাৰৰ অধ্যক্ষ গৰাকীক ।

এগৰাকী ধৰ্মগুৰুক বৌদ্ধ বিহাৰ প্ৰাংগনত হত্যা কৰি যোৱা ঘটনাই সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলত চাঞ্চল্য সৃষ্টি কৰিছে। ইতিমধ্যে ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande