মেৰাপানীত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক ঘটনা
গোলাঘাট, ২৩ নৱেম্বৰ (হি.স.)। মেৰাপানীত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক ঘটনা। এগৰাকী ১৪ বছৰীয়া কিশোৰীক প্ৰলোভনেৰে অন্তঃসত্বা কৰা অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন বিবাহিতা পুৰুষ। মেৰাপানীৰ আৰক্ষী থানা এলেকাৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীক অন্তঃসত্বা কৰাৰ অ
মেৰাপানীত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক ঘটনা


গোলাঘাট, ২৩ নৱেম্বৰ (হি.স.)। মেৰাপানীত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক ঘটনা। এগৰাকী ১৪ বছৰীয়া কিশোৰীক প্ৰলোভনেৰে অন্তঃসত্বা কৰা অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন বিবাহিতা পুৰুষ। মেৰাপানীৰ আৰক্ষী থানা এলেকাৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীক অন্তঃসত্বা কৰাৰ অভিযোগত মেৰাপানীৰে ভকত গাঁৱৰ গোলাপ দাস নামৰ যুৱকজনক মেৰাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে, ১৪ বছৰীয়া কিশোৰী গৰাকী দুমহীয়া অন্তঃসত্বা হোৱা বিষয়টো স্থানীয় এখন মহিলা সমিতিৰ সদস্যাসকলে জানিব পাৰি কিশোৰীগৰাকীক মেৰাপানীৰ আৰক্ষী থানাত চমজাই দিছিল। মেৰাপানী আৰক্ষীয়ে কিশোৰী গৰাকীৰ ভাষ্য অনুসৰি অৱশেষত মেৰাপানী ভকত গাঁৱৰ গোলাপ দাস ওৰফে বিকিক অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰিছে। অন্যহাতে গোলাপ এগৰাকী বিবাহিত পুৰুষ হোৱাৰ লগতে তেওঁৰ দুগৰাকী কন্যা সন্তানৰ পিতৃও।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande