জাপানী খেলুৱৈক পৰাস্ত কৰি লক্ষ্য সেনৰ অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখল
নতুন দিল্লী, ২৩ নৱেম্বৰ (হি.স.)। ভাৰতীয় তাৰকা শ্বাটলাৰ লক্ষ্য সেনে অষ্ট্ৰেলিয়ান অ’পেন ২০২৫ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ একক খিতাপ দখল কৰিছে। দেওবাৰে অষ্ট্ৰেলিয়ান অ’পেন ছুপাৰ ৫০০ৰ ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে জাপানী শ্বাটলাৰ ইউছি তানাকাক ২১-১৫
लक्ष्य सेन


নতুন দিল্লী, ২৩ নৱেম্বৰ (হি.স.)। ভাৰতীয় তাৰকা শ্বাটলাৰ লক্ষ্য সেনে অষ্ট্ৰেলিয়ান অ’পেন ২০২৫ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ একক খিতাপ দখল কৰিছে। দেওবাৰে অষ্ট্ৰেলিয়ান অ’পেন ছুপাৰ ৫০০ৰ ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে জাপানী শ্বাটলাৰ ইউছি তানাকাক ২১-১৫, ২১-১১ ব্যৱধানত পৰাস্ত কৰে।

অষ্ট্ৰেলিয়ান অ’পেনত লক্ষ্য সেনে বছৰৰ প্ৰথমটো বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ খিতাপ দখল কৰে। লক্ষ্য সেনৰ কেৰিয়াৰৰ তৃতীয়টো ছুপাৰ ৫০০ খিতাপ। ছেপ্টেম্বৰ মাহত হংকং ছুপাৰ ৫০০ প্ৰতিযোগিতাত জয়ী হোৱাৰ ওচৰ চাপিছিল যদিও ফাইনেলত পৰাস্ত হৈ ৰানাৰ্ছ আপৰ স্থান দখল কৰে।

৩৮ মিনিট ধৰি চলা ফাইনেলত ২৪ বছৰীয়া লক্ষ্য সেনে জোৰদাৰ খেল প্ৰদৰ্শন কৰে। তেওঁ আৰম্ভণিৰে পৰাই জাপানৰ খেলুৱৈ ইউছি তানাকাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছিল। চূড়ান্ত খেলখনৰ প্ৰথম ছেটত লক্ষ্যণে ২১-১৫ ব্যৱধানত জয়লাভ কৰে। লক্ষ্যই জাপানৰ খেলুৱৈগৰাকীক দ্বিতীয় ছেটতো কামবেক কৰাৰ কোনো সুযোগ নিদিলে। এই ছেটতো তেওঁ ২১-১১ৰ ব্যৱধানত জয়লাভ কৰি অষ্ট্ৰেলিয়ান অ’পেন ছুপাৰ ৫০০ খিতাপ দখল কৰে।

লক্ষ্য সেনে যথেষ্ট দিন ধৰি নিজৰ ফৰ্মৰ সৈতে যুঁজি আছিল। ২০২৪ চনৰ পেৰিছ অলিম্পিকত চতুৰ্থ স্থান দখল কৰি পদক লাভ কৰিবলৈ ব্যৰ্থ হয়। ২০২৫ চনত তেওঁৰ প্ৰদৰ্শন ইমান ভাল নাছিল যদিও তেওঁ হাৰ নামানিলে আৰু উন্নতি অব্যাহত ৰাখিলে। ইয়াৰ ফলত তেওঁ হংকং অ’পেন ছুপাৰ ৫০০ খিতাপ জয়ৰ অতি ওচৰ চাপিছিল, মাথোঁ ফাইনেলত পৰাস্ত হৈছিল। এতিয়া লক্ষ্য সেনে অষ্ট্ৰেলিয়ান অ’পেনত কোনো ভুল কৰা নাই, ট্ৰফী দখল কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande