দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে কে এল ৰাহুল ভাৰতীয় দলৰ অধিনায়ক নিযুক্ত
নতুন দিল্লী, ২৩ নৱেম্বৰ (হি.স.)। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ভাৰতীয় দলটি ঘোষণা কৰিছে । উইকেটকীপাৰ-বেটছমেন কে এল ৰাহুলক এই শৃংখলাৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ডিঙিত
टीम


নতুন দিল্লী, ২৩ নৱেম্বৰ (হি.স.)। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ভাৰতীয় দলটি ঘোষণা কৰিছে । উইকেটকীপাৰ-বেটছমেন কে এল ৰাহুলক এই শৃংখলাৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

ডিঙিত আঘাতৰ বাবে নিৰ্বাচনৰ বাবে উপলব্ধ নহ’ল নিয়মীয়া অধিনায়ক শুভমন গিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ তৃতীয় এদিনীয়া খেলৰ সময়ত ভাৰতৰ এদিনীয়া উপ-অধিনায়ক শ্ৰেয়াছ আয়াৰ আঘাতপ্ৰাপ্ত হয়। আঘাতৰ পৰা তেওঁ এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হোৱা নাই। সেয়ে ৰাহুলক অধিনায়কত্ব দিয়া হৈছে।

দলটোত আছে অভিজ্ঞ খেলুৱৈ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ লগতে ৰুতুৰাজ গাইকোৱাদ, ধ্ৰুৱ জুৰেল, যশস্বী জয়ছৱাল, আৰু তিলক বৰ্মাৰ দৰে যুৱ খেলুৱৈ। দীৰ্ঘদিন ধৰি এদিনীয়া দললৈ ঘূৰি আহিছে তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা। উইকেটকীপাৰ-বেটছমেন ঋষভ পন্তকো দলত অন্তৰ্ভুক্ত কৰা হৈছে।

অহা ৩০ নৱেম্বৰত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব শৃংখলাৰ প্ৰথমখন এদিনীয়া। দ্বিতীয়খন খেল ৩ ডিচেম্বৰত আৰু তৃতীয়খন ৬ ডিচেম্বৰত অনুষ্ঠিত হ’ব। বৰ্তমান দুয়োটা দলৰ মাজত দুখন মেচৰ টেষ্ট শৃংখলা চলি আছে।

ভাৰতৰ এদিনীয়া দল : ৰোহিত শৰ্মা, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, তিলক বৰ্মা, কে এল ৰাহুল (অধিনায়ক) (উইকেটকীপাৰ), ঋষভ পন্ত (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, ৰবিন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, নীতিশ কুমাৰ ৰেড্ডী, হৰ্ষিত ৰাণা, ৰুতুৰাজ গৈকৱাদ, প্ৰসিধ কৃষ্ণ, অৰ্শদীপ সিং, ধ্ৰুৱ জুৰেল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande