শ্বেখ হাছিনাক মৃত্যুদণ্ড দিয়া ন্যায়াধীশৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত হুলস্থুল
- ছচিয়েল মিডিয়াৰ পৰা আপত্তিজনক ফটো আৰু মন্তব্য আঁতৰোৱাৰ নিৰ্দেশ আইচিটি-১ৰ ঢাকা, ২৩ নৱেম্বৰ (হি.স.)। অসংখ্য লোকে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ-১ (আইচিটি-১)ৰ ন্যায়াধীশক লক্ষ্য কৰি লৈছে। শেহতীয়াকৈ এই ৰায়দানৰ পিছতে আইচিটি-১-এ হাছিন
47f9ca5ef1eeb26afc90cb81ed274ff4_647510839.jpg


- ছচিয়েল মিডিয়াৰ পৰা আপত্তিজনক ফটো আৰু মন্তব্য আঁতৰোৱাৰ নিৰ্দেশ আইচিটি-১ৰ

ঢাকা, ২৩ নৱেম্বৰ (হি.স.)। অসংখ্য লোকে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ-১ (আইচিটি-১)ৰ ন্যায়াধীশক লক্ষ্য কৰি লৈছে। শেহতীয়াকৈ এই ৰায়দানৰ পিছতে আইচিটি-১-এ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াত এই ন্যায়াধীশসকলৰ বিৰুদ্ধে মন্তব্যৰে উপচাই দিছে। আনকি একাংশই বিচাৰকসকলৰ ফটো আপলোড কৰি গালি-গালাজৰ বাৰ্তাও লিখিছিল। এনে ফটো আৰু মন্তব্য আঁতৰাবলৈ আইচিটি-১ৰ তৰফৰ পৰা অন্তৱৰ্তীকালীন চৰকাৰক নিৰ্দেশ দিছে ।

ঢাকা ট্ৰিবিউন কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি আইচিটি-১ য়ে এনে ফটো আৰু মন্তব্য আঁতৰোৱাৰ নিৰ্দেশ দিছে। বিটিআৰচিৰ অধ্যক্ষ আৰু তথ্য সচিবক ৩ ডিচেম্বৰৰ ভিতৰত এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ন্যায়াধিকৰণে। আজি এই নিৰ্দেশ জাৰি কৰিছে মুখ্য ন্যায়াধীশ গুলাম মুৰ্তুজা মজুমদাৰৰ নেতৃত্বত দুজনীয়া বিচাৰপীঠে। ১৩ নৱেম্বৰত ন্যায়াধিকৰণে এই গোচৰত শ্বেইখ হাছিনা আৰু আন এজন ব্যক্তিক মৃত্যুদণ্ড আৰু প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক চৌধুৰী আব্দুল্লা আল-মামুনক পাঁচ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

ন্যায়াধিকৰণে কয় যে বাক স্বাধীনতা এটা মৌলিক অধিকাৰ, কিন্তু ইয়াক বৰ্তমানৰ আইনসমূহৰ পৰিকাঠামোৰ ভিতৰত আৰু ব্যক্তিগত আক্ৰমণ অবিহনে ব্যৱহাৰ কৰিব লাগিব। তদুপৰি আজি পুৱা ন্যায়াধিকৰণে টাস্ক ফ’ৰ্চ ইন্ট্ৰোগেচন চেল আৰু যুটীয়া জেৰা কোষৰ দ্বাৰা কথিত নিৰ্যাতন আৰু বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰাৰ সৈতে জড়িত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ দুটা গোচৰৰ শুনানি গ্ৰহণ কৰে। পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ লগতে প্ৰাক্তন আৰু বৰ্তমানৰ সামৰিক বিষয়াসকলো এই গোচৰসমূহত অভিযুক্ত। এই পৰ্যন্ত দুয়োটা গোচৰতে ১৩ জন সামৰিক বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande