
কায়ৰো/গাজা পট্টী, ২৩ নৱেম্বৰ (হি.স.)। সন্ত্ৰাসবাদী সংগঠন হামাছৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল শনিবাৰে ইজিপ্তৰ ৰাজধানী কায়ৰোত উপস্থিত হয়। গাজাত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ আলোকত ইজিপ্তৰ চোৰাংচোৱা বিষয়াৰ সৈতে আলোচনাত মিলিত হ’ব প্ৰতিনিধি দলটোৱে। ইফালে উত্তৰ আৰু মধ্য গাজাত ইজৰাইলৰ ড্ৰোন আৰু মিছাইল আক্ৰমণত কমেও ২৪ জন লোকৰ মৃত্যু হয়।
ইজৰাইলৰ টাইমছত প্ৰকাশিত বাতৰি অনুসৰি ছৌদি আল-হাদাথ সংবাদ মাধ্যমে কায়ৰোত হামাছৰ নেতাসকলৰ আগমনৰ বাতৰি প্ৰকাশ কৰিছে। হামাছৰ নেতাসকলে গাজাত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰিকল্পনাৰ দ্বিতীয় পৰ্যায়ৰ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিব বুলি কয়। অচিনাক্ত সূত্ৰৰ উদ্ধৃতি দি আউটলেটটোৱে প্ৰকাশ কৰা অনুসৰি হামাছৰ বিষয়াৰ প্ৰতিনিধি দলটোৱে ইজিপ্তৰ চোৰাংচোৱা বিষয়াৰ সৈতে সাক্ষাৎ কৰিব। প্ৰতিবেদনত আৰু কোৱা হৈছে যে মধ্যস্থতাকাৰী দেশ ইজিপ্ত আৰু আমেৰিকাৰ প্ৰতিনিধিয়েও এই বৈঠকৰ সময়ত হামাছৰ নেতাসকলৰ সৈতে সাক্ষাৎ কৰিব পাৰে।
আল জাজিৰাৰ তথ্য অনুসৰি ইজৰাইলে উত্তৰ আৰু মধ্য গাজাত ড্ৰোন আৰু মিছাইল আক্ৰমণ চলাইছিল। এই আক্ৰমণত কমেও ২৪ জন পেলেষ্টাইনী নিহত হোৱাৰ লগতে কেইবা ডজনো আহত হয়। হামাছে ইজৰাইলক যোৱা মাহৰ যুদ্ধবিৰতি চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ইজৰাইলৰ সেনাই এই অভিযোগ অস্বীকাৰ কৰি কয় যে এই আক্ৰমণৰ লক্ষ্য হৈছে ৰাফাহৰ এটা সুৰংগত লুকাই থকা হামাছৰ যোদ্ধা। এই পৰিস্থিতিৰ মাজতে টেল আভিভৰ পণবন্দী চৌহদত হাজাৰ হাজাৰ লোকে গাজাত হামাছে ৰখা বন্দীসকলৰ মৃতদেহ ঘূৰাই দিয়াৰ দাবীত সমবেত হয়।
আন এক বাতৰি অনুসৰি ইজৰাইলে গাজা পট্টীৰ পাঁচটা স্থানত আঘাত হানে। নিহতসকলৰ ভিতৰত আছিল হামাছৰ এজন শীৰ্ষ সেনাধ্যক্ষ।
ইয়াৰ পূৰ্বে শনিবাৰে সংঘটিত হোৱা এক ঘটনাৰ প্ৰত্যুত্তৰ জনাই ইজৰাইলৰ সেনাই এই আক্ৰমণ সংঘটিত কৰা বুলি জানিবলৈ দিয়ে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ পিছৰে পৰা ইজৰাইলৰ আক্ৰমণত ৩১০ জনতকৈ অধিক পেলেষ্টাইনী নিহত হৈছে। অসামৰিক প্ৰতিৰক্ষা সংস্থাই জনোৱা মতে, শনিবাৰে ইজৰাইলে আক্ৰমণ চলাই উত্তৰ দিশৰ গাজা চহৰৰ লগতে ডেইৰ আল বালাহ আৰু মধ্য গাজাৰ নুছেইৰাট শিবিৰকো লক্ষ্য কৰি লৈছে। মন কৰিবলগীয়া যে ২০২৩ চনৰ ৭ অক্টোবৰত দক্ষিণ ইজৰাইলত হামাছে কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলৰ সেনাই গাজাত এই আক্ৰমণ আৰম্ভ কৰিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ