গুৱাহাটী টেষ্টঃ দ্বিতীয় দিনৰ খেলৰ সামৰণি, দক্ষিণ আফ্ৰিকাতকৈ ৪৮০ ৰানত পিছ পৰি আছে ভাৰত
গুৱাহাটী, ২৩ নৱেম্বৰ (হি.স.)। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট মেচৰ দ্বিতীয় দিন সমাপ্ত হৈছে। দ্বিতীয় দিনটো সম্পূৰ্ণৰূপে আলহী দলৰ পক্ষত আছিল, অলৰাউণ্ডাৰ ছেনুৰাণ মুথুছামিয়ে ১০৯ ৰান স
भारत


গুৱাহাটী, ২৩ নৱেম্বৰ (হি.স.)। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট মেচৰ দ্বিতীয় দিন সমাপ্ত হৈছে। দ্বিতীয় দিনটো সম্পূৰ্ণৰূপে আলহী দলৰ পক্ষত আছিল, অলৰাউণ্ডাৰ ছেনুৰাণ মুথুছামিয়ে ১০৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে মাৰ্কো জান্সেনে ৯৩ ৰান সংগ্ৰহ কৰে।ইয়াৰ ফলত দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত ৪৮৯ ৰান সংগ্ৰহ কৰাত সহায় কৰে।

ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে প্ৰথম ইনিংছত এটাও উইকেট নেহেৰুৱাকৈ ৯ ৰান সংগ্ৰহ কৰি দক্ষিণ আফ্ৰিকাতকৈ ৪৮০ ৰান পিছ পৰি আছে। যশস্বী জয়ছোৱালে ৭ ৰানত অপৰাজিত হৈ থাকে আৰু কে এল ৰাহুলে দুই ৰানত অপৰাজিত হৈ থাকে।

ইয়াৰ পূৰ্বে দেওবাৰে পুৱা দক্ষিণ আফ্ৰিকাই কালি (শনিবাৰে) ২৪৭/৬ স্ক’ৰৰ পৰা পুনৰ খেল আৰম্ভ কৰে। চেনুৰণ মুথুছামি আৰু কাইল ভেৰেইনে সুন্দৰ বেটিং কৰে। দ্বিতীয় দিনৰ প্ৰথম অধিবেশনত বেটছমেন দুগৰাকীয়ে দলৰ স্ক’ৰ ৩০০ৰ ওপৰত ৰাখিছিল। চাহ বিৰতিৰ পিছত ভাৰতীয় স্পিনাৰ ৰবীন্দ্ৰ জাডেজাই কাইল ভেৰেইনক আউট কৰি অংশীদাৰিত্ব ভংগ কৰে। ভেৰেইনে ৪৫ ৰানত আউট হয়। মুথুছামিয়ে আনটো মূৰৰ পৰা ইনিংছ অব্যাহত ৰাখি প্ৰথমটো টেষ্ট শতক অৰ্জন কৰে। মাৰ্কো জান্সেনৰ সৈতে অংশীদাৰিত্বৰে মুথুছামিয়ে ৪০০ৰ ওপৰেৰে স্ক’ৰ কৰে।

মহম্মদ ছিৰাজে মুথুছামীক আউট কৰি ভাৰতক এক বৃহৎ অগ্ৰগতি প্ৰদান কৰিছিল। মুথুছামিয়ে ২০৬টা বলত ১০টা চাৰি আৰু দুটা ছয়সহ ১০৯ ৰান সংগ্ৰহ কৰি খেলখন সামৰে। বেগী বলাৰ জছপ্ৰীত বুমৰাহে চাইমন হাৰ্মাৰক বোল্ড কৰি ভাৰতক নৱম উইকেট প্ৰদান কৰে। ছাইমনে ৫ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পিছতে কুলদীপ যাদৱে মাৰ্কো জান্সেনক আউট কৰি দক্ষিণ আফ্ৰিকাৰ ইনিংছ সমাপ্ত কৰে। জান্সেনে ৯১টা বলত ৬টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ৯৩ ৰান সংগ্ৰহ কৰে। ১২ ৰানত অপৰাজিত হৈ থাকে কেশৱ মহাৰাজে।

প্ৰথম দিনাই আইডেন মাৰ্কৰাম আৰু ৰিয়ান ৰিকেলটনে দলটোক ভাল আৰম্ভণি কৰে। মাৰ্কৰামে ৩৮ ৰান আৰু ৰিকেলটনে ৩৫ ৰান সংগ্ৰহ কৰে। অধিনায়ক টেম্বা বাভুমাই ৯২টা বলত ৫টা চাৰিকে ধৰি ৪১ ৰান সংগ্ৰহ কৰি আউট হয়। ইয়াৰ পিছতে ট্ৰিষ্টান ষ্টাবছে ৪টা চাৰি আৰু দুটা ছয় সহ ৪৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে উইয়ান মুল্ডাৰে ১৩ ৰান সংগ্ৰহ কৰে আৰু টনি ডি জিঅৰ্জিয়ে ২৮ ৰান সংগ্ৰহ কৰে।

ভাৰতৰ হৈ স্পিনাৰ কুলদীপ যাদৱে ৪টা উইকেট দখল কৰাৰ বিপৰীতে যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ, আৰু ৰবীন্দ্ৰ জাদেজাই দুটাকৈ উইকেট দখল কৰে।

দুখন মেচৰ টেষ্ট শৃংখলাত ১-০ ব্যৱধানত আগবাঢ়ি আছে দক্ষিণ আফ্ৰিকা। কলকাতাৰ ইডেন গাৰ্ডেনত খেলা প্ৰথমখন টেষ্টত আফ্ৰিকান দলটোৱে ভাৰতীয় দলটোক ৩০ ৰানত পৰাস্ত কৰিছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande