
–অসমীয়া লিপিৰ ক্ৰমবিকাশ আৰু ইয়াৰ চৰ্চা শীৰ্ষক গুৰুত্বপূৰ্ণ বক্তৃতানুষ্ঠান সম্পন্ন
–অসমৰ ২৩২ টা প্ৰত্ন লিপিৰ তথ্যৰ ওপৰত লিপি বিশেষজ্ঞ ভাস্কৰ বৰদলৈৰ মনোজ্ঞ ভাষণ
–ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ তথ্যমতে অসমীয়া লিপি নথকা বুলি কোৱাত উদ্বেগ প্ৰকাশ
–যি অধ্যয়নৰ ভিত্তিত অসমীয়া লিপি নাই বুলি ক'ব বিচৰা হৈছে সেই অধ্যয়ন সম্পূৰ্ণ নহয় --ভাস্কৰ বৰদলৈ
–অসমীয়া ভাষাৰ ইতিহাস জানিবলৈ হ'লে লিপিৰ ইতিহাস জানিবই লাগিব --পৃথ্বিৰাজ ৰাভা
শোণিতপুৰ, ২৩ নৱেম্বৰ (হি.স.)। অসমৰ প্ৰত্নলিপিৰ তথ্যবোৰ অদ্যাপি সঠিকভাৱে অধ্যয়ন কৰা হোৱা নাই বাবেই অসমীয়া লিপিৰ অস্তিত্বক একাংশই নস্যাৎ কৰি অহাই নহয় ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ তথ্যমতেও অসমীয়া লিপি নথকা দিশটোত আজি তেজপুৰত উদ্বেগ প্ৰকাশ কৰে অসমীয়া লিপিৰ ওপৰত গৱেষণা অব্যাহত ৰখা লেখক ভাস্কৰ বৰদলৈয়ে । উল্লেখ্য যে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ১৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি তেজপুৰ কলিবাৰীৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় প্ৰতিষ্ঠা দিৱসৰ এক বিশেষ অনুষ্ঠান ।
এই অনুষ্ঠানত অসমীয়া লিপিৰ ক্ৰমবিকাশ আৰু ইয়াৰ চৰ্চা শীৰ্ষক গুৰুত্বপূৰ্ণ বিষয়ত সাৰগৰ্ভ তথ্য সংপৃক্ত ভাষণ প্ৰদান কৰে লিপি বিশেষজ্ঞ ভাস্কৰ বৰদলৈয়ে ।বৰদলৈয়ে ভাষণত কয় যি অধ্যয়নৰ ভিত্তিত অসমীয়া লিপি নাই বুলি ক'ব বিচৰা হৈছে সেই অধ্যয়ন সম্পূৰ্ণ নহয় । এই সন্দৰ্ভত বৰদলৈয়ে অসমৰ ২৩২ খন লিপিৰ ভিতৰত -ৰাখাল দাস বন্দোপাধ্যায় আৰু গৌৰীশংকৰ হীৰচন্দ ওজাই মাত্ৰ দুখন লিপি অধ্যয়ন কৰি ০.৮৬ শতাংশ, আহমদ হাচান দানীয়ে মাত্ৰ ৩ খন অধ্যয়ন কৰি ১.২৯ শতাংশ, টি পি বাৰ্মাই ১৭ খন অধ্যয়ন কৰি ৭.৩৩ শতাংশ আৰু এ কে সিঙে ১২ খন লিপি অধ্যয়ন কৰি ৫.১৭ শতাংশ অধ্যয়ন কৰিয়েই অসমীয়া লিপিৰ নস্যাৎ কৰিব বিচৰা কথাটো গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি কৈ বৰদলৈয়ে ২৩২ খন লিপিৰ অধ্যয়নৰ জৰিয়তে অসমীয়া লিপিৰ ক্ৰমবিকাশৰ ধাৰা আজি তথ্যসহ উল্লেখ কৰে বুলি মন্তব্য কৰে ।
তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি শান্তনু বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত এই অনুষ্ঠানত বৰদলৈয়ে নিৰ্দিষ্ট বিষয়ৰ ওপৰত দৃঢ়তাৰে মন্তব্য কৰি অসমীয়া স্বতন্ত্ৰ লিপি আছিল আছে আৰু থাকিবৈ বুলি কৈ দেশত উদ্ধাৰ হোৱা প্ৰায়সমূহ লিপিৰে অভিকেন্দ্ৰ প্ৰাচীন অসম বুলি তথ্যসহ প্ৰতিপন্ন কৰে । উল্লেখ্য যে ১৯১৯ চনলৈ অসমীয়া লিপিৰ বিকশিত আখৰৰ নমুনা প্ৰদৰ্শন কৰি বৰদলৈয়ে ইন্দ্ৰপালৰ গুৱাহাটী তামৰ ফলি, বলবৰ্মণ -৩ ৰ নগাঁও তামৰ ফলি, হৰ্জ্জৰ বৰ্মণৰ তেজপুৰ শিলালিপি আৰু ভাস্কৰ বৰ্মনৰ নিধানপুৰ তামৰ ফলিৰ আখৰ প্ৰদৰ্শন কৰি ইয়াৰ স্পষ্টতা প্ৰতিপন্ন কৰে ।
উল্লেখ্য বন্তি প্ৰজ্বলনৰ লগতে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সদস্যা সকলে সমবেত ভাৱে পৰিৱেশন কৰা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা ৰচিত এটি সুমধুৰ গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ভাষণ প্ৰদান কৰি এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয়ৰ বক্তৃতানুষ্ঠান শিক্ষাৰ্থীৰ উপস্থিতিত সম্পন্ন হ'লে নতুন প্ৰজন্ম অধিক উপকৃত হ'ব পাৰিব বুলি মন্তব্য কৰি অসমীয়া ভাষাৰ ইতিহাস শুদ্ধকৈ জানিবলৈ হ'লে ইয়াৰ লিপিৰ ইতিহাস জানিবৈ লাগিব বুলি মন্তব্য কৰে । অনুষ্ঠানটিত সভাপতিৰ আসনৰ পৰা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ইতিহাস সদৰি কৰি শান্তনু বৰুৱাই অসমীয়া ভাষাৰ ইতিহাস অধ্যয়নৰ মূল উৎস আমাৰ লিপি সমূহৰ ওপৰত অধিক চৰ্চা হোৱাৰ খুবেই প্ৰয়োজন বুলি কৈ এই বিষয়টোক লৈ তেজপুৰৰ বাহিৰৰ দুই বিশেষ ঠাইত পুনৰ বক্তৃতানুষ্ঠান আয়োজন কৰা হ'ব বুলি জানিবলৈ দিয়ে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ