
শিৱসাগৰ, ২৩ নৱেম্বৰ (হি.স.)। নাজিৰাৰ লক্ষ্মীজান বিহুবৰত জুবিন গাৰ্গৰ সোঁৱৰণীত প্ৰাইজমণি আৰু ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰম্ভ৷
নাজিৰাৰ বিহুবৰ মেঠনচোৱা আঞ্চলিক সমিতি,প্ৰগতি আহোম ৱেলফেয়াৰ সামাজিক সংস্থাৰ উদ্যোগত ২২নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ বিহুবৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে জুবিন গাৰ্গৰ সোঁৱৰণীত প্ৰাইজমণি আৰু ট্ৰফী ফুটবল প্ৰতিযোগিতা৷ বিহুবৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত জুবিন গাৰ্গৰ সোঁৱৰণী এই প্ৰাইজমণি আৰু ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ প্ৰথম দিনা শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে অনুষ্ঠিত হয় খেল খনৰ উদ্বোধনী অনুষ্ঠান৷
মুঠ ১২টাকৈ ফুটবল দলে অংশ গ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত৷ এই ফুটবলৰ খেল প্ৰতিযোগিতাৰ পৰাই শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে আয়োজক সমিতিয়ে৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু