ফকিৰাগ্ৰামৰ ৰাভাপাৰাত সলিল সমাধি ঘটা যুৱকৰ মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ
কোকৰাঝাৰ, ২৩ নৱেম্বৰ (হি.স.)। মাছ ধৰিবলৈ গৈ পানীত পৰি যুৱকৰ মৃত্যু ফকিৰাগ্ৰামৰ ৰাভাপাৰাত । কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অধিনৰ ৰাভাপাৰা গাওঁৰ এটা পুখুৰীত যোৱাকালি আবেলি সবিন ব্ৰহ্ম (৫৭) নামৰ এজন লোকে মাছ মাৰিবলৈ গৈছিল। মাছমাৰি থাকোতে হঠাত পিচলি প
R


কোকৰাঝাৰ, ২৩ নৱেম্বৰ (হি.স.)। মাছ ধৰিবলৈ গৈ পানীত পৰি যুৱকৰ মৃত্যু ফকিৰাগ্ৰামৰ ৰাভাপাৰাত । কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অধিনৰ ৰাভাপাৰা গাওঁৰ এটা পুখুৰীত যোৱাকালি আবেলি সবিন ব্ৰহ্ম (৫৭) নামৰ এজন লোকে মাছ মাৰিবলৈ গৈছিল। মাছমাৰি থাকোতে হঠাত পিচলি পানীত পৰি লোক জনৰ সলিল সমাধি ঘটে । লোকজনৰ সলিল সমাধি ঘটা প্ৰত্য়ক্ষ কৰি অঞ্চলটোৰ একাংশ লোকে পুখুৰীটোত উদ্ধাৰ অভিযান চলায়।এছডিআৰএফ বাহিনীক খবৰ দিয়ে।

কিন্ত আন্ধাৰ নামি অহা বাবে সেইদিনা উদ্ধাৰ অভিযান বন্ধ কৰি আজি পুনৰ উদ্ধাৰ অভিযান চলোৱা হয়। আজি এছডিআৰএফ বাহিনীয়ে ৰাভাপাৰা গাওঁৰ দ–পুখুৰী এটাৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে । মৃতদেহটোৰ মৰোণত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিতসালয়লৈ প্ৰেৰণ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande