ছত্তীশগড়ৰ ১৮টা স্থানতএচিবি-ইঅ’ডব্লিউ দলৰ অভিযান
ৰায়পুৰ, ২৩ নৱেম্বৰ (হি.স.)। ছত্তীশগড়ত দেওবাৰে পুৱা এচিবি-ইঅ’ডব্লিউৰ দলে আবকাৰী আৰু ডিএমএফ গোচৰৰ সৈতে জড়িত প্ৰায় ১৮টা স্থানত অভিযান চলায়। তদন্তকাৰী সংস্থাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰায়পুৰৰ ৰামা গ্ৰীণ কলনীত থকা প্ৰাক্তন আবকাৰী আয়ুক্ত নিৰঞ্জন
অম্বিকাপুৰৰ পশু চিকিৎসক ডাঃ তনবীৰ আহমেদৰ বাসগৃহত সংস্থাৰ দল


ৰায়পুৰ, ২৩ নৱেম্বৰ (হি.স.)। ছত্তীশগড়ত দেওবাৰে পুৱা এচিবি-ইঅ’ডব্লিউৰ দলে আবকাৰী আৰু ডিএমএফ গোচৰৰ সৈতে জড়িত প্ৰায় ১৮টা স্থানত অভিযান চলায়।

তদন্তকাৰী সংস্থাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰায়পুৰৰ ৰামা গ্ৰীণ কলনীত থকা প্ৰাক্তন আবকাৰী আয়ুক্ত নিৰঞ্জন দাসৰ বাসগৃহত অভিযান চলোৱা হয়। থিতাতে নথি-পত্ৰ পৰীক্ষা কৰি আছে বিষয়াসকলে। আমলিডিহৰ লা ভিষ্টা কলনীৰ ব্যৱসায়ী হৰপাল অৰোৰাৰ ঘৰতো অভিযান চলায়। বিলাসপুৰৰ অশোক টুটেজাৰ বাসগৃহতো অভিযান চলোৱা বুলি জানিব পৰা গৈছে।

ৰায়পুৰৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ পৰা লাভ কৰা তথ্য অনুসৰি ৰামা গ্ৰীণ কলনীৰ প্ৰাক্তন আবকাৰী আয়ুক্ত নিৰঞ্জন দাসৰ বাসগৃহৰ লগতে অম্বিকাপুৰ, কোণ্ডাগাঁৱকে ধৰি বিভিন্ন জিলাত অভিযান চলোৱা হয়। এচিবি-ইঅ’ডব্লিউৰ বিষয়াসকলে নথি-পত্ৰ পৰীক্ষা কৰি আছে। সুৰগুজা জিলা সদৰত থকা পশু চিকিৎসক ডাঃ তনবীৰ আহমেদ আৰু যোগানকাৰী অমিত আগৰৱালাৰ বাসগৃহতো এচিবি-ইঅ’ডব্লিউৰ বিষয়াসকল উপস্থিত আছে, আৰু তদন্ত অব্যাহত আছে।

উল্লেখযোগ্য যে সুৰা কেলেংকাৰীৰ গোচৰত প্ৰাক্তন আবকাৰী মন্ত্ৰী কাৱাসী লখমা, প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ পুত্ৰ চৈতন্য বাঘেল, প্ৰাক্তন আই এ এছ বিষয়া অনিল টুতেজা, আৰু এজাজ ধেবৰৰ ভাতৃ আনোৱাৰ ধেবৰক গ্ৰেপ্তাৰ কৰা হৈছে। তদুপৰি, ২৮ জন আবকাৰী বিভাগৰ বিষয়াকো অভিযুক্ত কৰা হৈছিল, আৰু উচ্চতম ন্যায়ালয়ে তেওঁলোকক জামিন প্ৰদান কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande