
শোণিতপুৰ, ২৩ নৱেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰঙাপৰাত ২৪ হাজাৰ ৮০০ গৰাকী মহিলাক মহিলা উদ্যমিতা আচনিৰ চেক বিতৰণ কৰে।
অনু্ষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য়মন্ত্ৰী গৰাকী কয় যে মিয়া কংগ্ৰেছৰ অক্সিজেন,মিয়াৰ ভোটতে কংগ্ৰেছ জিকে মিয়াৰ ৰাজনীতি কৰে, আমিতো কুইক ফিক্স হয়,কেনেকৈ আতৰাব ,নোৱাৰে আতৰাব গৌৰৱ গগৈয়ে, জানুৱাৰীত নতুনকৈ আৰম্ভ হব বাবু আঁচনি।
আলফা(স্বা)ৰ কেডাৰৰ আত্মসমৰ্পন প্ৰসংগত মুখ্য়মন্ত্ৰী গৰাকী উল্লেখ কৰে যে, অৰুনোদয় অসম আৰু প্ৰানজিৎ অসমক অসমতে ৰখা হব, দিল্লীলৈ লৈ যোৱাৰ কোনো পৰিকল্পনা নাই,বুদ্ধিজীৱী সকলৰ মনৰ শান্তিৰ বাবে আকৌ কৈছো মই থকালৈকে অসমত সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে উচ্ছেদ চলি থাকিব, কংগ্ৰেছৰ অস্তিত্ব অসমত এতিয়া নায়েই,কংগ্ৰেছে প্ৰাৰ্থী সকলৰ পৰা টকা উঠাবৰ বাবে ইছাৰা দিয়া আৰম্ভ কৰিছেই এক কোটি এতিয়া দিয়ক আৰু তিনিকোটি টকা পিচত দিব লৈকে খবৰ পোৱা গৈছে। ৰঙাপৰা সমষ্টিত মহিলা উদ্যমিতা আচনিৰ চেক বিতৰণ কৰিবলৈ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য় কৰে।ৰঙাপৰাত ২৪ হাজাৰ ৮০০ গৰাকী মহিলাক চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰীক সংগ দিয়ে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতী,নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকা, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু