বৰপেটা ৰোডৰ ফৰেষ্ট কলনীত চোৰৰ লুটপাত, ১৫ লাখ টকাৰ সম্পত্তি লুত
বৰপেটা, ২৩ নৱেম্বৰ (হি.স.)। বৰপেটা ৰোডত সংঘটিত হই ভয়ংকৰ চুৰি কাণ্ড l গৃহস্থক ঘৰত নথকাৰ সুযোগলৈ চোৰে লুটি নিলে ধন সোন l বৰপেটা ৰোডৰ ফৰেষ্ট কলনীৰ প্ৰয়াত ডাঃ প্ৰবীণ চন্দ্ৰ বায়নৰ ঘৰত সংঘটিত হয় উক্ত চুৰি কাণ্ডৰ ঘটনাটো। নিশা ঘৰত কোনো নথকা অৱস্থাতেই সাতট
বৰপেটাৰোডত ভয়ংকৰ চুৰি কাণ্ড l গৃহস্থক ঘৰত নথকাৰ সুযোগলৈ চোৰে লুটি নিলে ধন সোন l


বৰপেটা, ২৩ নৱেম্বৰ (হি.স.)। বৰপেটা ৰোডত সংঘটিত হই ভয়ংকৰ চুৰি কাণ্ড l গৃহস্থক ঘৰত নথকাৰ সুযোগলৈ চোৰে লুটি নিলে ধন সোন l বৰপেটা ৰোডৰ ফৰেষ্ট কলনীৰ প্ৰয়াত ডাঃ প্ৰবীণ চন্দ্ৰ বায়নৰ ঘৰত সংঘটিত হয় উক্ত চুৰি কাণ্ডৰ ঘটনাটো। নিশা ঘৰত কোনো নথকা অৱস্থাতেই সাতটাকৈ গদৰেজৰ তলা ভাগি চোৰে লুটি নিলে ১৫ লক্ষাধিক টকাৰ ধন সোন।

নিশা ঘৰৰ খিৰিকী (ভেন্টিলেশ্বন)ভাগি প্ৰৱেশ কৰিছিল চোৰ। জানিব দিয়া অনুসৰি পৰিয়ালৰ আটাই কেইগৰাকীয়ে ঘৰত তলা মাৰি গুৱাহাটীত বিয়া খাবলৈ গৈছিল। ঘৰটোৰ গৃহস্থ আহি পিছত চুৰি কাৰ্যৰ বিষয়ে অবগত হই বৰপেটা ৰোড আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।বৰ্তমান আৰক্ষী অনুসন্ধান অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande