পীয়ুষ গোৱেলৰ অধ্যক্ষতাত মঙলবাৰে বাণিজ্য বোৰ্ডৰ বৈঠকত ৰপ্তানি বৃদ্ধিৰ উপায়ৰ বিষয়ে কৰিব চৰ্চা
নতুন দিল্লী, ২৩ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ অধ্যক্ষতাত মঙলবাৰে বাণিজ্য বোৰ্ড (ব’ৰ্ড অৱ ট্ৰেড চমুকৈ বি অ’ টি)ৰ বৈঠক অনুষ্ঠিত হ’ব। আমেৰিকাই আৰোপ কৰা গধুৰ শুল্কৰ মাজত ভাৰতৰ ৰপ্তানি বৃদ্ধিৰ ব্যৱস্থাৰ বিষয়ে আলো
वाणिज्‍य मंत्री पीयूष गोयल  का फाइल  फोटो


নতুন দিল্লী, ২৩ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ অধ্যক্ষতাত মঙলবাৰে বাণিজ্য বোৰ্ড (ব’ৰ্ড অৱ ট্ৰেড চমুকৈ বি অ’ টি)ৰ বৈঠক অনুষ্ঠিত হ’ব। আমেৰিকাই আৰোপ কৰা গধুৰ শুল্কৰ মাজত ভাৰতৰ ৰপ্তানি বৃদ্ধিৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হ’ব।

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ অধ্যক্ষতাত অনুষ্ঠিত বাণিজ্য ব’ৰ্ডৰ বৈঠকত ৰপ্তানি বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰা হ’ব। খবৰ অনুসৰি ৰপ্তানি প্ৰসাৰ পৰিষদৰ প্ৰতিনিধিয়ে অন্যান্য অংশগ্ৰহণকাৰীসকলৰ সৈতে ৰপ্তানি খণ্ডৰ ওপৰত নিজৰ মতামত দাঙি ধৰিব।

২৫ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া বাণিজ্য ব’ৰ্ডৰ এই বৈঠক গুৰুত্বপূৰ্ণ কাৰণ আমেৰিকাৰ উচ্চ শুল্কৰ প্ৰভাৱৰ বাবে অক্টোবৰ মাহত দেশখনৰ ৰপ্তানি ১১.৮ শতাংশ হ্ৰাস পাই ৩৪.৩৮ বিলিয়ন ডলাৰ হৈছে, আনহাতে বাণিজ্যিক ঘাটি অভিলেখ সৃষ্টি কৰি ৪১.৬৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে, মূলতঃ সোণৰ আমদানি বৃদ্ধিৰ বাবে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীৰ অধ্যক্ষতাত গঠিত এই ব’ৰ্ডত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিৰ লগতে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ উচ্চপদস্থ বিষয়াসকলো অন্তৰ্ভুক্ত।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande