বিজনী-পাণবাৰী পথৰ লাৰুগাঁও পথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১
চিৰাং, ২৩ নৱেম্বৰ (হি.স.)। চিৰাং জিলাৰ বিজনী-পাণবাৰী পথৰ লাৰুগাঁও পথাৰত আজি দেওবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত দুই বাইক আৰোহী । পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাত এজন যুৱকৰ মৃত্য়
বিজনী-পাণবাৰী পথৰ লাৰুগাঁও পথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।


চিৰাং, ২৩ নৱেম্বৰ (হি.স.)। চিৰাং জিলাৰ বিজনী-পাণবাৰী পথৰ লাৰুগাঁও পথাৰত আজি দেওবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত দুই বাইক আৰোহী । পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাত এজন যুৱকৰ মৃত্য়ু হয়।

দুৰ্ঘটনাত পতিত মটৰ চাইকেল দুখনৰ নম্বৰ ক্ৰমে এএছ ২৬ জি ১৪২৯ আৰু এএছ ২৬ জি ৫৬২১ বুলি জনা গৈছে। প্ৰাপ্ত তথ্য়মতে, চিৰঞ্জিৎ দাস নামৰ যুৱক জনে এএছ ২৬ জি ৫৬২১ নম্বৰৰ বাইক খনেৰে বিজনীৰ দিশৰ পৰা আহি থকা অৱস্থাত উলুবাৰীৰ দিশৰ পৰা বিজনী অভিমুখে গৈ থকা ধাৰ্মিক বসুমতাৰীৰ এএছ ২৬ জি ১৪২৯ নম্বৰৰ বাইক খনৰ লগত মুখামুখি সংঘৰ্ষ হয়। সংকটজনক অৱস্থাত দুয়োজন বাইক আৰোহীক ঘটনাস্থলিত উপস্থিত থকা লোকে হস্পিতাললৈ প্ৰেৰণ কৰে যদিও চিৰঞ্জিৎ দাস নামৰ যুৱক জনৰ হস্পিতালত মৃত্যু হয় বুলি জানিব পৰা গৈছে।

আনহাতে আনজন বাইক আৰোহী ধাৰ্মিক বসুমতাৰীক সংকটজনক অৱস্থাত বঙাইগাঁওলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে চিৰঞ্জিৎ দাসৰ ঘৰ ফুলকুমাৰীত আৰু ধাৰ্মিক বসুমতাৰীৰ ঘৰ উলুবাৰীত বুলি জানিব পৰা গৈছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande