দেৰগাঁৱত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত হল সুৱাগ-তোলা অনুষ্ঠান
গোলাঘাট, ২৩ নৱেম্বৰ (হি.স.)। দেৰগাঁৱত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত কৰা সুৱাগ-তোলা অনুষ্ঠান । অসম সাহিত্য সভা প্ৰান স্বৰুপ যোৰহাটস্তিত চন্দ্ৰ কান্ত সন্দিকৈ ভৱনৰ শতবৰ্য মহোৎসৱ উপলক্ষে অনুষ্ঠিত কৰা হয় এই মহোৎসৱ । প্ৰতিকূল বতৰকো নেওচি দেৰ
দেৰগাঁৱত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত হল সুৱাগ-তোলা অনুষ্ঠান


গোলাঘাট, ২৩ নৱেম্বৰ (হি.স.)। দেৰগাঁৱত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত কৰা সুৱাগ-তোলা অনুষ্ঠান । অসম সাহিত্য সভা প্ৰান স্বৰুপ যোৰহাটস্তিত চন্দ্ৰ কান্ত সন্দিকৈ ভৱনৰ শতবৰ্য মহোৎসৱ উপলক্ষে অনুষ্ঠিত কৰা হয় এই মহোৎসৱ । প্ৰতিকূল বতৰকো নেওচি দেৰগাঁৱত আৰম্ভ হ'ল

সুৱাগ-তোলা তোলা অনুষ্ঠান। গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতিৰ দায়িত্বত থকা বন্তি বৰাই উত্তোলন কৰে মূল পতাকাখন ।

এশ এখন পতাকা উত্তোলনেৰে ২৩ নৱেম্বৰ দেওবাৰৰ দিনটোত দেৰগাঁৱত অনুষ্ঠিত হৈছে গোলাঘাট জিলা সাহিত্য সভাৰ ব্যৱস্থাপনাত দেৰগাঁও শাখা সাহিত্য সভাৰ আতিথ্যত 'সুৱাগ-তোলা' অনুষ্ঠান। এই অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি বাহিৰ কৰা হয় এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী । এই শোভাযাত্ৰাই অসমৰ লোক সংস্কৃতি,সাহিত্য,কলাৰ লগতে অসমীয়া সমাজ জীৱনক প্ৰতিকী ৰূপত আৰু অসম সাহিত্য কেন্দ্ৰীয় কায্যালয় উপস্থাপন কৰে।এই অনুষ্ঠানতে অনুষ্ঠিত হ'ব লগীয়া মুকলি সভাত অংশ গ্ৰহণ কৰিব বহুকেইগৰাকী সাহিত্যৰ লগত জড়িত বিশিষ্ট ব্যক্তিয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande