অসম সাহিত্য সভাৰ বাঞ্ছিত লক্ষ্য সমন্বয় আৰু সম্প্ৰীতিৰ বন্ধন সৃষ্টি কৰাঃ ড০ বসন্ত কুমাৰ গোস্বামী
–দানবীৰ ৰাধাকান্ত সন্দিকৈৰ মহৎ দানৰ মহত্বক সভাই উপস্থাপন কৰিব বিচাৰিছেঃ প্ৰধান সম্পাদক দেৱজিৎ বৰা –চন্দ্ৰকান্ত সন্দিকৈ ভৱন সমাজ গঠনৰ কেন্দ্ৰঃ ড০ ৰঞ্জন ভট্টাচাৰ্য –দেৰগাঁৱত অসম সাহিত্য সভাৰ ''সুৱাগ-তোলা'' অনুষ্ঠান সম্পন্ন –বৰ্ণাঢ্য সাংস্কৃতিক শ
অসম সাহিত্য সভাৰ বাঞ্ছিত লক্ষ্য সমন্বয় আৰু সম্প্ৰীতিৰ বন্ধন সৃষ্টি কৰাঃ ড০ বসন্ত কুমাৰ গোস্বামী


–দানবীৰ ৰাধাকান্ত সন্দিকৈৰ মহৎ দানৰ মহত্বক সভাই উপস্থাপন কৰিব বিচাৰিছেঃ প্ৰধান সম্পাদক দেৱজিৎ বৰা

–চন্দ্ৰকান্ত সন্দিকৈ ভৱন সমাজ গঠনৰ কেন্দ্ৰঃ ড০ ৰঞ্জন ভট্টাচাৰ্য

–দেৰগাঁৱত অসম সাহিত্য সভাৰ 'সুৱাগ-তোলা' অনুষ্ঠান সম্পন্ন

–বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রাই মুহিলে দৰ্শকক

শোণিতপুৰ, ২৩ নৱেম্বৰ (হি.স.)। আমৰণ, অভগণ সমুজ্জ্বল হৈ ৰ'ব চন্দ্ৰকান্ত সন্দিকৈ ভৱন। এই ভৱনৰ পৰাই পৰাই অসম সাহিত্য সভাৰ বাঞ্ছিত লক্ষ্য সমন্বয় আৰু সম্প্ৰীতিৰ বন্ধন সৃষ্টি কৰিবলৈ অৰুণাচল প্ৰদেশৰ দৰেই মেঘালয় আৰু নাগালেণ্ডৰ লগতো এই সমন্বয়-সংস্কৃতিৰ সদ্ভাৱনা কাৰ্যসূচী সম্প্ৰসাৰ কৰা হ'ব। আজি অসম সাহিত্য সভাৰ উদ্যোগত গোলাঘাট জিলা সাহিত্য সভাৰ ব্যৱস্থাপনাত আৰু দেৰগাঁও শতদল সাহিত্য সভাৰ আতিথ্যত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱ উপলক্ষে 'সুৱাগ-তোলা' অনুষ্ঠানত পৌৰোহিত্য কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে ব্য়ক্ত কৰে।

আদৰণী সমিতিৰ সভাপতি নুৰুল চুলতানে আদৰণি ভাষণ আগবঢ়োৱা সভাখনত প্ৰধান সম্পাদক দেৱজিৎ বৰাই লক্ষ্য আৰু উদ্দেশ্যৰ কথকতা প্ৰসংগত কয়- 'অসম সাহিত্য সভাই অসমীয়া জাতিৰ সন্মুখত দানবীৰ ৰাধাকান্ত সন্দিকৈৰ মহৎ দানৰ মহত্বক উপস্থাপন কৰিব বিচাৰিছে; সূক্ষ্ম অনুভৱেৰে দানবীৰ ৰাধাকান্ত সন্দিকৈৰ এই অৱদান স্বীকাৰ কৰিবলৈ শিকিলেই অসমীয়া জাতিয়ে কৃতজ্ঞ জাতিৰ পৰিচিতি লাভ কৰিব। এশ বছৰৰ পাছত চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ দৰে এটা দানে অসমীয়া জাতিসত্ত্বাক কিমান গৰিমামণ্ডিত কৰিলে সেয়া বুজিবলৈ আমি চেষ্টা কৰিবই লাগিব।'

দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড০ ৰঞ্জন ভট্টাচাৰ্য্যই সভাৰ উদ্ধোধন কৰি কয় যে চন্দ্ৰকান্ত সন্দিকৈ ভৱন সমাজ গঠনৰ কেন্দ্ৰ; এই ভৱনৰ লগত অসম আৰু অসমীয়া জাতিৰ বহু স্মৃতি বিজড়িত হৈ আছে। গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক দুলাল দাসে আঁতধৰা সভাখনত দেৰগাঁওৰ সমজিলা আয়ুক্ত আই.এ.এছ সক্ষমা, লেখকদ্বয় ক্ৰমে ডা০ অজিত বৰুৱা, অপূৰ্ব বল্লভ গোস্বামী, অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, পৰিবেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপসমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, যোৰহাট জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি উত্তম কুমাৰ হাজৰিকা, সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী, গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰা প্ৰমুখ্যে অসম সাহিত্য সভা, জিলা সাহিত্য সভাসমূহৰ বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

অসম মহিলা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ মহাশ্বেতা দেৱীয়ে 'সুৱাগ-তোলা' অনুষ্ঠানৰ স্মাৰক গ্ৰন্থ 'চন্দ্রকান্তি'ৰ উন্মোচন কৰি অসম সাহিত্য সভাৰ শতবৰ্ষ গৰকা কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ প্ৰাসংগিকতা বিদ্যমান বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। বহুকেইখন গ্রন্থ উন্মোচন হোৱা সভাখনত শলাগৰ শৰাই আগবঢ়াই দেৰগাঁও শতদল সাহিত্য সভাৰ সম্পাদক বিচিত্ৰ ভূষণ কলিতাই। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে শুভাৰম্ভ হোৱা সভাখন জাতীয় সংগীত পৰিৱেশনৰে সফল সমাপ্তি ঘটে।

ইফালে পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তর্পণ কাৰ্যসূচীৰ পিছতে অসম সাহিত্য সভাৰ হিতৈষী সভ্য ডা০ অৰুণজ্যোতি হাজৰিকাই উদ্বোধন কৰা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে মোহিত কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande