
অভিযুক্ত শিক্ষক শ্বাহজাহান আলী সৰকাৰ আৰু ফাহিম চৈয়দৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ গ্ৰহণ কৰাৰ দাবী
গুৱাহাটী, ২২ নৱেম্বৰ (হি স)। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বিশ্বৰ ভিতৰতে এক সৰ্ববৃহৎ পঞ্জীয়নভুক্ত ছাত্ৰ সংগঠন। জ্ঞান চৰিত্ৰ আৰু একতাৰ মন্ত্ৰ সাৰোগত কৰি ছাত্ৰ শক্তিক ৰাষ্ট্ৰ শক্তি হিচাপে তৈয়াৰ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আহিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে। বিদ্যাৰ্থী পৰিষদৰ লগত বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী স্ব ইচ্ছাই জড়িত হ'ব পাৰে আৰু ৰাষ্ট্ৰ পুনৰ নিৰ্মাণৰ কাৰ্যত জড়িত হ'ব পাৰে। কিন্তু পৰিতাপৰ কথা যে কিছু দিন পূৰ্বে ধুবুৰী জিলাৰ ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয়ৰ দুগৰাকী অধ্যাপকে বিদ্যাৰ্থী পৰিষদৰ এগৰাকী ছাত্ৰী কাৰ্যকৰ্তাক বিদ্যাৰ্থী পৰিষদ ত্যাগ কৰিবলৈ ধমক দি বিদ্যাৰ্থী পৰিষদৰ লগত জড়িত থাকিলে পৰীক্ষাত নম্বৰ কমকৈ দিম বুলি ভাবুকি দিয়াৰ ঘটনা পোহৰলৈ আহিছে।
বহু দিনধৰি ছাত্ৰী গৰাকীক দুযোগৰাকী অধ্যাপকে নম্বৰ কমকৈ দিয়াৰ ভয় ভাবুকি দিয়াতেই সীমাবদ্ধ নাথাকি ছাত্ৰী গৰাকীৰ ঘৰলৈ গৈ ছাত্ৰী গৰাকীৰ আৰ্থিক স্থিতি, সাজ পোচাক আদিক লৈও কিছু বিতৰ্কিত মন্তব্য কৰি এবিভিপি ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰে। সমগ্ৰ ঘটনাৰ পাছত বিদ্যাৰ্থী পৰিষদে অধ্যাপক দুয়োগৰাকীৰ কৰ্মকাণ্ডক লৈ মহাবিদ্যালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে আৰু এক গোচৰ ৰুজু কৰে। গোচৰ ৰুজু হোৱা পাছত মহাবিদ্যালয়ৰ অধ্যক্ষই সমগ্ৰ বিষয়টো হস্তক্ষেপ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতিৰে গোচৰটি উঠাই ল'বলৈ কয়। কিন্তু গোচৰটি উঠাই লোৱাৰ পাছত মহাবিদ্যালয়ৰ অধ্যক্ষই অতি কৌশলগত ভাৱে শিক্ষক গোটৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰি ছাত্ৰী গৰাকীৰ অভিযোগ ভিত্তিহীন বুলি উল্লেখ কৰে। ইয়াৰ পাছতেই আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ভোলানাথ মহাবিদ্যালয় গোটৰ দ্বাৰা তীব্ৰ আন্দোলন গঢ়ি তুলি অধ্যক্ষৰ দ্বাৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিকৃতি তুলতা জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে আজি ভোলানাথ মহাবিদ্যালয়ত সংঘটিত এই ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অধ্যাপক দুয়োগৰাকীক এনে অনৈতিক কাৰ্য্য কেতিয়াও গ্ৰহণযোগ্য নহয়। অধ্যাপক দুয়োগৰাকীয়ে ছাত্ৰ সমাজৰ গণতান্ত্ৰিক অধিকাৰক এই কাণ্ডৰ জড়িয়তে খৰ্ব কৰি তেওঁ লোকৰ নিজৰ অগণতান্ত্ৰিক স্থিতি ৰাইজৰ আগত দাঙি ধৰিছে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ পাছত এন এছ ইউ আই ৰ দৰে ছাত্ৰ সংগঠনে ঘটনাটোত ছাত্ৰী গৰাকীৰ সপক্ষে থিয় দিয়াৰ পৰিবৰ্তে অধ্যাপক দুগৰাকীৰ সপক্ষে বিভিন্ন শ্লোগান দিবলৈ ওলাই আহে। এইক্ষেত্ৰত এন এছ ইউ আইক এই ঘটনাক লৈ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় যে তেওঁ লোক ছাত্ৰ সমাজৰ গণতান্ত্ৰিক অধিক ৰক্ষাৰ পক্ষত নে, ছাত্ৰ সমাজৰ অধিকাৰ খৰ্ব কৰা অধ্যাপকৰ পক্ষত আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া