মহিলা সন্মিলন: ৰাষ্ট্ৰ-নিৰ্মাণত মহিলাক সবলীকৰণৰ প্ৰতিশ্ৰুতি
গুৱাহাটী, ২২ নৱেম্বৰ (হি.স.)। গৌহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত আলোচনা চক্ৰ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হয় মহিলা সন্মিলন। এইবাৰৰ বিষয়বস্তু আছিল ভাৰতৰ বিকাশ @ ২০৪৭ – ৰাষ্ট্ৰীয় উন্নয়ন আৰু নেতৃত্বৰ বাবে মহিলা শক্তি সবলীকৰণ। ডেভেলপিং ইণ্ডিয়া
वुमेन्स कॉन्क्लेव : राष्ट्र निर्माण में नारी शक्ति को सशक्त बनाने का संकल्प


वुमेन्स कॉन्क्लेव : राष्ट्र निर्माण में नारी शक्ति को सशक्त बनाने का संकल्प


वुमेन्स कॉन्क्लेव : राष्ट्र निर्माण में नारी शक्ति को सशक्त बनाने का संकल्प


গুৱাহাটী, ২২ নৱেম্বৰ (হি.স.)। গৌহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত আলোচনা চক্ৰ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হয় মহিলা সন্মিলন। এইবাৰৰ বিষয়বস্তু আছিল ভাৰতৰ বিকাশ @ ২০৪৭ – ৰাষ্ট্ৰীয় উন্নয়ন আৰু নেতৃত্বৰ বাবে মহিলা শক্তি সবলীকৰণ। ডেভেলপিং ইণ্ডিয়া অভিযানৰ অধীনত কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন ফাউণ্ডেশ্যন, অসম অধ্যায়ৰ উদ্যোগত আয়োজিত এই অনুষ্ঠান। এই অনুষ্ঠানত গৌহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগ, ভাৰতীয় শিক্ষা মণ্ডল, ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ সহযোগত। মহাকাশ তথ্য প্ৰযুক্তিৰ সহযোগত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

কনক্লেভৰ গুৰুত্ব আছিল নেতৃত্ব, উদ্ভাৱন, আৰু ৰাষ্ট্ৰ গঠন। চিটিইএফৰ অধ্যক্ষ অধ্যাপিকা নিলিমা ভাগৱতীয়ে সভাপতিত্ব কৰে। আদৰণি ভাষণত তেওঁ কনক্লেভৰ উদ্দেশ্য আৰু তাৎপৰ্য্যৰ ওপৰত আলোকপাত কৰে। ৰাষ্ট্ৰৰ অমৃত কালৰ চাৰিটা স্তম্ভ হ’ল- যুৱ শক্তি, নাৰী শক্তি, কৃষক, আৰু সাধাৰণ নাগৰিক। তেওঁ জোৰ দি কয় যে নাৰী সবলীকৰণ হ’লেহে জাতি আগবাঢ়িব পাৰে, কিয়নো তেওঁলোক ঘৰ আৰু সমাজ উভয়ৰে ভেটি। তেওঁ প্ৰতিৰক্ষা, বিজ্ঞান, প্ৰযুক্তি, উদ্ভাৱন, প্ৰশাসন, নীতি নিৰ্ধাৰণ আদি ক্ষেত্ৰত মহিলাৰ ভূমিকা বৃদ্ধি পোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

এই কাৰ্যসূচী চাৰিটা কাৰিকৰী অধিবেশনত বিভক্ত কৰা হৈছিল।

গৌহাটী বিশ্ববিদ্যালয়, দিছপুৰ মহাবিদ্যালয়, বি বাৰুভা মহাবিদ্যালয়কে ধৰি সাতখন শিক্ষানুষ্ঠানৰ এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে নিৰ্মাণ কৰা বিভিন্ন হাতেৰে নিৰ্মিত সামগ্ৰীৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয়, য’ত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ দক্ষতা আৰু সৃষ্টিশীলতা প্ৰদৰ্শনৰ সুযোগ লাভ কৰে।

মহিলা সন্মিলনখনে বিপুল সফলতা লাভ কৰাৰ লগতে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দৃষ্টিভংগী আগবঢ়াইছিল। এই কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰী আৰু অংশগ্ৰহণকাৰীসকলক নাৰী শক্তিৰ সহযোগত এক শক্তিশালী আৰু উন্নত ৰাষ্ট্ৰ গঢ়ি তোলাত অৰিহণা যোগাবলৈ অনুপ্ৰাণিত কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ

 rajesh pande