দলগাঁৱৰ এগৰাকী মহিলা নিৰুদ্দেশ, পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি
দৰং, ২২ নৱেম্বৰ (হি.স.)। দলগাঁৱৰ গৰাখাট গাঁৱৰ এগৰাকী মহিলা ছুৰতন ভানু ঘৰৰ পৰা নিৰুদ্দেশ হৈছে ৷পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি। দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত গৰাখাট গাঁৱৰ মহিলা গৰাকী ঘৰৰ পৰা নিৰুদ্দেশ হোৱাৰ বিষয়ে প্ৰথমে পৰিয়ালৰ আন সদস্
দলগাঁৱৰ এগৰাকী মহিলা নিৰুদ্দেশ, পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি


দৰং, ২২ নৱেম্বৰ (হি.স.)। দলগাঁৱৰ গৰাখাট গাঁৱৰ এগৰাকী মহিলা ছুৰতন ভানু ঘৰৰ পৰা নিৰুদ্দেশ হৈছে ৷পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি।

দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত গৰাখাট গাঁৱৰ মহিলা গৰাকী ঘৰৰ পৰা নিৰুদ্দেশ হোৱাৰ বিষয়ে প্ৰথমে পৰিয়ালৰ আন সদস্য় সকল অবগত হোৱা নাছিল ৷

নিশা ঘৰত মহিলা গৰাকী নিখোজ হোৱা বিষয়ে পৰিয়ালৰ আন সদস্য় সকল অবগত হয়। জানিব পৰা মতে আজি পৰ্যন্ত সম্ভেদ নোপোৱা মহিলা গৰাকী নৱেম্বৰ ৰ ১০ তাৰিখে ঘৰৰ পৰা নিৰুদ্দেশ হৈছে ৷পৰিয়ালৰ লোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিচাৰ খোচাৰ কৰিও সন্ধান ওলাব পৰা নাই মহিলা গৰাকীৰ ৷পৰিয়ালৰ লোকে ইতিমধ্যে ঘটনা সন্দৰ্ভত দলগাঁও থানাত এজাহাৰ দাখিল কৰিছে ৷

নিৰুদ্দিষ্ট মহিলা গৰাকীক ছুৰতন ভানু বয়স ৪০ বছৰ৷ কোনোবা ব্যক্তিয়ে মহিলা গৰাকীক কৰবাত প্ৰত্য়ক্ষ কৰিলে ৯৭০৬৯৮১৪৯৪ ত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande