অসম মেঘালয় সীমান্তবৰ্তী গোৰবান্ধত ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত দুজন
দক্ষিণ শালামাৰা, ২২নৱেম্বৰ (হি.স.)। অসম মেঘালয় সীমান্তবৰ্তী মেঘালয়ৰ গোৰবান্ধত ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত দুজন । আজি পুৱাৰ ভাগত গোৰবান্ধত দুজন মটৰচাইকেল আৰোহীৰ মাজত মুখামুখী সংঘৰ্ষৰ সৃষ্টি হয়। তেনে অৱস্থাত পিছফালৰ দূৰ্ঘটনাত পতিত মটৰ চাইকেল
অসম মেঘালয় সীমান্তবৰ্তী গোৰবান্ধত ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত দুজন


দক্ষিণ শালামাৰা, ২২নৱেম্বৰ (হি.স.)। অসম মেঘালয় সীমান্তবৰ্তী মেঘালয়ৰ গোৰবান্ধত ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত দুজন । আজি পুৱাৰ ভাগত গোৰবান্ধত দুজন মটৰচাইকেল আৰোহীৰ মাজত মুখামুখী সংঘৰ্ষৰ সৃষ্টি হয়। তেনে অৱস্থাত পিছফালৰ দূৰ্ঘটনাত পতিত মটৰ চাইকেল দূখনৰ ওপৰদি আন এখন ডাম্পাৰ উঠাই দিয়ে। সংঘটিত দূৰ্ঘটনাত দুই আৰোহী গুৰুতৰভাৱে আহত।

গুৰুতৰ ভাৱে আহতদ্বয়ক হাটশিঙিমাৰী জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইয়াৰে তিণ্ডা চন্দ্ৰ মাৰাক সংকটজনক হোৱা বাবে উন্নত চিকিৎসাৰ কাৰণে গুৱাহাটী চিকিতসা মহাবিদ্য়ালয় হস্পিতাললৈ প্ৰেৰণ কৰে। তিণ্ডা চন্দ্ৰ মাৰাক মেঘালয়ৰ গানছেংগিৰীৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande