দৰং মহাবিদ্যালয়ত দুদিনীয়া শৈক্ষিক আৰু প্ৰশাসনিক মূল্যায়ন কাৰ্যসূচীৰ ৰূপায়ণ
–২৬ টা শৈক্ষিক বিভাগৰ মূল্যায়ন কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য সমন্বিতে চাৰি বিশিষ্ট শিক্ষাবিদে –মহাবিদ্যালয় চৌহদৰ এজোপা মেহগনি গছপুলিৰ বাগিছা আৰু সেউজ কৰণৰ পদক্ষেপত আপ্লুত শিক্ষাবিদৰ দল শোণিতপুৰ, ২২ নৱেম্বৰ (হি.স.)। চাৰ
দৰং মহাবিদ্যালয়ত দুদিনীয়া শৈক্ষিক আৰু প্ৰশাসনিক মূল্যায়ন কাৰ্যসূচীৰ ৰূপায়ণ


–২৬ টা শৈক্ষিক বিভাগৰ মূল্যায়ন কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য সমন্বিতে চাৰি বিশিষ্ট শিক্ষাবিদে

–মহাবিদ্যালয় চৌহদৰ এজোপা মেহগনি গছপুলিৰ বাগিছা আৰু সেউজ কৰণৰ পদক্ষেপত আপ্লুত শিক্ষাবিদৰ দল

শোণিতপুৰ, ২২ নৱেম্বৰ (হি.স.)। চাৰিজনীয়া বিশিষ্ট শিক্ষাবিদৰ এটা দলে দুদিনীয়াকৈ দৰং মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ ২০২৪-২০২৫‌‌ শৈক্ষিক বৰ্ষৰ শৈক্ষিক আৰু প্ৰশাসনিক মূল্যায়ন(এএএ) কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰে। প্ৰতিষ্ঠানখনৰ শৈক্ষিক, গুণগত মান উন্নয়ন আৰু প্ৰণালীভিত্তিক মূল্যায়নৰ ক্ষেত্ৰত এই অডিটটো এটা গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে বিবেচিত হয়।

বিশিষ্ট শিক্ষাবিদৰ দলটোত আছিল -গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য অধ্যাপক মৃদুল হাজৰিকা ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক ড০ যোগেন কলিতা; তেজপুৰ বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্ৰশাসন বিভাগৰ অধ্যাপক ড০ মৃন্ময় কুমাৰ শৰ্মা; আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ বিভাস চৌধুৰী ।দুদিনীয়া কাৰ্যসূচীত বিশিষ্ট শিক্ষাবিদৰ দলটোৱে ২৬টা শৈক্ষিক বিভাগৰ মূল্যায়ন কৰাৰ লগতে পাঠদান–শিক্ষণ পদ্ধতি, পাঠ্যক্ৰম ৰূপায়ণ, গৱেষণা, বিভিন্ন নথিপত্ৰ আৰু বিভাগীয় উন্নয়ন পৰিকল্পনাৰ বিভিন্ন দিশসমূহ পৰ্যালোচনা কৰে। মহাবিদ্যালয়খনৰ বিভিন্ন সমিতি, সংঘ, গোট আৰু মঞ্চৰ সদস্যসকলৰ সৈতে নিৰীক্ষকসকলে ঘনিষ্ঠভাৱে মত বিনিময় কৰে।

উল্লেখ্য যে, বিশিষ্ট শিক্ষাবিদৰ দলটোৱে ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, এনচিচিৰ কেডেট, এনএছএছৰ স্বেচ্ছাসেৱক, আৰু কৰ্মচাৰীৰ সৈতে আলাপ আলোচনাত মিলিত হয়। এই আলোচনাসমূহত ছাত্ৰ-ছাত্ৰীৰ সৈতে সম্পৰ্কিত বিভিন্ন দিশ, তেওঁলোকৰ ভূমিকা, কেম্পাছৰ কাৰ্য্যকলাপ আৰু কৰ্মসংস্কৃতিৰ বিষয়ে অন্তৰ্দৃষ্টিমূলক পৰ্যালোচনা কৰা হয়। মূল্যায়ন প্ৰক্ৰিয়াৰ অংশ হিচাপে দলটোৱে ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাস ভ্ৰমণ কৰি আৱাসিক সুবিধা, সুৰক্ষা ব্যৱস্থা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, খাদ্য সেৱা আৰু সামগ্ৰিক ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ মূল্যায়ন কৰে। হোষ্টেলৰ আৰামদায়ক আৰু সুৰক্ষিত পৰিৱেশ বজাই ৰখাৰ বাবে প্ৰতিষ্ঠানটোৱে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়।মহাবিদ্যালয়খনৰ পৰিৱেশ উন্নয়নৰ পদক্ষেপসমূহৰ বিষয়েও তেওঁলোকে মূল্যায়ন কৰে। বিশেষকৈ ১০০টা মেহগনি (মেহগনি) গছপুলিৰ বাগিচা, সেউজকৰণৰ পদক্ষেপ যিয়ে মহাবিদ্যালয়খনক সেউজ আৰু অধিক বহনক্ষম চৌহদ হিচাপে পৰিগণিত কৰিছে।

প্ৰস্থান সভা(এক্সিট মিটিঙ)ৰ জৰিয়তে কাৰ্যসূচীৰ সামৰণি পৰে, য’ত পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰতিনিধি, অধ্যক্ষ, উপাধ্যক্ষ, শৈক্ষিক উপাধ্যক্ষ,আইকিউএচিৰ সমন্বয়ক-সদস্যসকল, অধ্যাপক, প্ৰাক্তন অধ্যাপক, প্ৰাক্তন ছাত্ৰ আৰু কৰ্মচাৰীসকল উপস্থিত থাকে। দলটোৱে তেওঁলোকৰ পৰ্যবেক্ষণসমূহ বিশ্লেষণ কৰে আৰু গৱেষণা সংস্কৃতি শক্তিশালী কৰা, ডিজিটেল পদ্ধতি সম্প্ৰসাৰণ কৰা, নতুন কাৰ্যকৰী পাঠ্যক্ৰম সংযোজন কৰা আৰু ভৱিষ্যতৰ উন্নয়নক এন ই পি ২০২০ৰ সৈতে সংযুক্ত আৰু সম্পৰ্কিত কৰাৰ বাবে গঠনমূলক পৰামৰ্শ আগবঢ়ায়।এ এ এ ভ্ৰমণে দৰং মহাবিদ্যালয়ৰ শৈক্ষিক গুণগত মানৰ উন্নয়ন আৰু ভৱিষ্যত পৰিকল্পনা ৰূপায়ণত বিশেষ অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande