
বিশ্বনাথ,২২ নৱেম্বৰ (হি.স.)। গহপুৰত সংঘটিত এক পথ দূৰ্ঘটনাত নিহত এগৰাকী ট্ৰাক চালক l গহপুৰৰ ব্ৰহ্মাজান মহেন্দ্ৰপুৰৰ ১৫নং ৰাষ্ট্ৰীয় পথত সংঘটিত হোৱা এক পথ দূৰ্ঘটনাত এজন ট্ৰাক চালক নিহত হৈছে । পুৱতি নিশা লখিমপুৰ অভিমুখী ৰখাই থোৱা এএছ ০১ ৯৩৪৪ নম্বৰৰ বিকল ট্ৰাক এখনত একে দিশৰে অহা এএছ ০১ কিউচি ৪২৭৯ নম্বৰৰ ইটা ভৰ্ত্তি ট্ৰাক এখনে পাছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মৰাত চালক কৃষ্ণ সোনোৱাল গুৰুতৰ ভাৱে আহত হয় ।পিছত গুৰুতৰ ভাৱে আহত কৃষ্ণ সোনোৱালক গহপুৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
ইতিমধ্যে সোনোৱাল গহপুৰৰ চিকিৎসালয়ত মৃত্যু হৈছে । নিহত কৃষ্ণ সোনোৱালৰ ঘৰ লখিমপুৰৰ বগিনদীত ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু