
শোণিতপুৰ, ২২ নৱেম্বৰ (হি.স.)। আজি সন্ধিয়া শোণিতপুৰৰ খনামুখৰ সমীপৰ ওঠৰ মাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজন যুৱক নিহত হয় ৷ দুৰ্ঘটনাটোত নিহত হয় সোনাই মিৰি অঞ্চলৰ মিৰাজুল ইছলাম আৰু গুদামঘাট মিৰিৰ অৰ্জুন আৰু হিৰোজ মিলি নামৰ বাইক আৰোহী কেইজন।
ঘটনাৰ উল্লেখযোগ্য যে, দুখন মটৰ চাইকেলৰে বিপৰীত দিশৰ পৰা আহি থকা অৱস্থাত সংঘটিত মুখামুখি সংঘৰ্ষত তিনিওজন নিহত হয় ৷ ইয়াৰে ভিতৰত মিৰাজুলে স্থানীয় এটা ইটাভাটাত কাম কৰিছিল বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ