গোঁসাইগাঁও তেলিপাৰা টোলগেট কৰ্তৃপক্ষৰ বলপূৰ্বক ধন দাবী
গোঁসাইগাঁৱ তেলিপাৰা টোল গেট কৰ্তৃপক্ষৰ গুণ্ডামী।
গোঁসাইগাঁও তেলিপাৰা টোলগেট কৰ্তৃপক্ষৰ বলপূৰ্বক ধন দাবী


কোকৰাঝাৰ, ২২ নৱেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও তেলিপাৰা টোল গেট কৰ্তৃপক্ষই বলপূৰ্বক ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে। ট্ৰাক ৰখাই অযথা হাৰাশাস্তি কৰাৰ অভিযোগ তেলিপাৰা টোল গেট কৰ্তৃপক্ষৰ বিৰুদ্ধে।

সকলো নথি-পত্ৰ থকা সত্ত্বেও যোৱা নিশাৰ পৰা এএছ ০১ কিউচি ৯৬১৭ আৰু এএছ ২৮ এচি ১৩০৭ নম্বৰ দুখনকৈ ট্ৰাক আটক কৰি ৰখাৰ অভিযোগ। বলপূৰ্বক ভাৱে ট্ৰাকৰ চাবি কাঢ়ি লৈ ট্ৰাক ড্ৰাইভাৰৰ পৰা এক লাখ টকা ধন দাবী কৰাৰ অভিযোগ উঠিছে। নিজকে পুলিচৰ মানুহ বুলি পৰিচয় দিয়া মানিক ৰায় নামৰ লোকজনৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। ৰাষ্ট্ৰীয় ঘাইপথৰ তেলিপাৰাস্থিত টোল গেটত দীৰ্ঘদিনৰ পৰা এইজন মানিক ৰায়ে অবৈধ ধন সংগ্ৰহ কৰি আছে। পূৰ্বেও কৰেল কোম্পানীৰ এইখন তেলিপাৰা টোল গেটৰ মেনেজাৰ মুকেশ কুমাৰে স্থানীয় গুণ্ডাৰ হতুৱাই অবৈধ ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছিল।

এইক্ষেত্ৰত স্থানীয় গোসাঁইগাঁৱৰ প্ৰশাসনে নীৰৱ ভূমিকা গ্ৰহণ কৰাৰো অভিযোগ উত্থাপিত হৈছে। বাৰম্বাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো গোসাঁইগাঁও আৰক্ষীয়ে চকু মুদা কুলিৰ ভাৱত আছে। ইয়াকে লৈ সচেতন মহলে বিভিন্ন প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande