নগৰবেৰাৰ ভিন্ন স্থানত চোৱাইন ফ্লু’ত আক্ৰান্ত শ-শ গাহৰি নিধন, কিংকৰ্তব্যবিমূঢ় গাহৰি পালক
কামৰূপ, ২২ নৱেম্বৰ (হি.স.)। কামৰূপ জিলাৰ নগৰবেৰাৰ ভিন্ন স্থানত চালনি ধৰা চোৱাইন ফ্লু’ ৰোগৰ বাবে গাহৰি পালকসকল কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে। এই ৰোগে গাহৰি পালক সকলৰ মূৰত ৰামটাঙোন সোমাইছে। আফ্ৰিকান চোৱাইন ফ্লু’ত আক্ৰান্ত হৈ নিতৌ মৰিবলৈ লৈছে জাকে জাকে গাহ
নগৰবেৰাৰ ভিন্ন স্থানত চোৱাইন ফ্লু’ত আক্ৰান্ত শ-শ গাহৰি নিধন, কিংকৰ্তব্যবিমূঢ় গাহৰি পালক


কামৰূপ, ২২ নৱেম্বৰ (হি.স.)। কামৰূপ জিলাৰ নগৰবেৰাৰ ভিন্ন স্থানত চালনি ধৰা চোৱাইন ফ্লু’ ৰোগৰ বাবে গাহৰি পালকসকল কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে। এই ৰোগে গাহৰি পালক সকলৰ মূৰত ৰামটাঙোন সোমাইছে। আফ্ৰিকান চোৱাইন ফ্লু’ত আক্ৰান্ত হৈ নিতৌ মৰিবলৈ লৈছে জাকে জাকে গাহৰি।

নগৰবেৰাৰ যোগীপাৰা অঞ্চলৰ শিক্ষিত নিবনুৱা নীলমণি বৈশ্য নামৰ যুৱক জনে বৈজ্ঞানিক ভিত্তিত কৰিছিল “বৈশ্য পিগ ফাৰ্ম” নামৰ এখন গাহৰি ফাৰ্ম’ l

ফাৰ্ম’ খনত ব্যৱসায়িক ভিত্তিত পুহিছিল প্ৰায় ৬০ টাকৈ গাহৰি | নিজৰ গাঁঠিৰ ধনৰ লগতে ধাৰ-ঋণ কৰি পোহা গাহৰি বোৰ হঠাৎ জ্বৰত আক্ৰান্ত হৈ মৃত্যু ঘটিল | সপোন চূৰমাৰ হৈ পৰিল যুৱ কৃষক গৰাকীৰ l

ইফালে সংশ্লিষ্ট বিভাগৰ টোল ফ্ৰী’ নম্বৰ’ত যোগাযোগ কৰিও কোনো সুফল নোপোৱাত শ’লঠেকত পৰিছে যুৱ কৃষক গৰাকী, লাভৰ আশাত পশুপালন কৰি কেবালাখ টকাৰ লোকচানৰ সন্মুখীন হোৱাত কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে গাহৰি পালক নীলমণি বৈশ্য l

অকল যে বৈশ্য পিগ ফাৰ্ম’তেই এই অঘটন ঘটিছে, তেনে নহয়, ইতিমধ্যে অঞ্চলটোৰ বহু গাহৰি পালকৰ অৱস্থা হৈ পৰিছে তথৈবচ | মৃত্যু ঘটিছে শ-শ পোহনীয়া গাহৰিৰ

এনে আকস্মিক দুৰ্যোগৰ ফলত সম্প্ৰতি বিমৰ্ষ আৰু উপায়ন্তৰ হৈ গাহৰি পালক নীলমণি বৈশ্যই চৰকাৰক কাতৰ আহ্বান জনালে আৰ্থিক সাহায্য প্ৰদানৰ l

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande