
ডিব্ৰুগড়, ২২ নৱেম্বৰ (হি.স.)। ডিব্ৰুগড়ত সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত কৃতী ছাত্ৰ ছাত্ৰীক বিশেষ জলপানি। ডিব্ৰুগড়ত সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ শুভ বৰুৱা শৈক্ষিক প্ৰতিভা আৰু জ্ঞান বিকাশ যোজনা ২০২৫ ৰ জলপানি বিতৰণ। ৰাজ্য খনৰ ন খন জিলাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰায় ২১২৫ জন কৃতী ছাত্ৰ- ছাত্ৰীক শুভ বৰুৱা বঁটা প্ৰদান কৰা হয় । দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা ২০২৫ চন কৃতী ছাত্ৰ - ছাত্ৰীক জ্ঞান বিকাশ যোজনাৰ অধীনত বঁটা প্ৰদান কৰা হয় ।
চহৰখনৰ আউনিআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা জলপানি বিতৰণ অনুষ্ঠানত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্য্যবাহী সদস্য খনিন্দ্ৰ সোনোৱালে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে কৃতী ছাত্ৰ - ছাত্ৰীক বঁটা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক পল্লৱী ডেকা বুজৰবৰুৱাই ।
উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰথম বিভাগ ছাত্ৰ-ছাত্ৰীক বঁটা আৰু এককালীন আর্থিক সাহাৰ্য বিতৰণৰ এই কাৰ্যসূচীত মুঠ প্ৰায় ২ কোটিৰোধিক টকা কৃতিমান ছাত্র ছাত্ৰী সকললৈ প্ৰদান কৰা হয় । জলপানি বিতৰণ কাৰ্যসূচীত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে উপস্থিত থাকে টংকেশ্বৰ সোনোৱাল,স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আৰু সাধাৰণ পাৰিষদ সহ : ডিব্ৰুগড়ৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৰাজ্যৰ প্ৰতিখন জিলা সোনোৱাল কছাৰী জনগোষ্ঠীয় ছাত্ৰ -ছাত্ৰী সকলৰ লগতে সোনোৱাল জনগোষ্ঠীৰ নাগৰিকে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা