

গুৱাহাটী, ২২ নৱেম্বৰ (হি.স.)। সোণাপুৰ জুবিন ক্ষেত্ৰত সংবাদ মেল। সম্বোধন কৰিলে জুবিন ক্ষেত্ৰ চাফ চিকুন কৰা পৰিচালনা সমিতিয়ে। পূৰ্বৰ দায়িত্ব লোৱা নিৰ্দিষ্ট কেইগৰাকীমান নিৰ্দিষ্ট ব্যক্তিয়ে প্ৰণামীৰ দান- বৰঙণি হৰলুকি কৰাৰ অভিযোগ।
পূৰ্বৰ ৪০ দিনত জমা দিয়া হৈছিল প্ৰায় ৪ লক্ষাধিক টকা আৰু এতিয়া দায়িত্ব লোৱা সমিতিয়ে ১৯ দিনত জমা দিলে ৪ লাখ টকা, ইয়াৰ এটি উচিত তদন্তৰো দাবী উত্থাপন কৰে সংবাদমেলত। কাম কৰা ছয়গৰাকী লোকক ভয়-ভাবুকি প্ৰদান কৰাৰ অভিযোগ নস্যাৎ কৰি মানস ৰবিনে আগবঢ়োৱা ধন সেই ছয়গৰাকীৰ বাহিৰে আন স্থানীয় মহিলাসকলেও পোৱা উচিত বুলিহে কৈছিল বুলি মন্তব্য কৰে।
আনহাতে জুবিনক্ষেত্ৰ চাফ চিকুন কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবেহে এই সমিতি গঠন কৰা হৈছিল যিখন পূৰ্বৰ স্মশান পৰিচালনা সমিতিৰ অন্তৰ্গত। চৰকাৰে আনুষ্ঠানিকভাৱে দায়িত্ব নোলোৱা পৰ্যন্ত স্থানীয় কেইবাখনো গাঁৱৰ লোকে একত্ৰিতভাৱে এই কাম পৰিচালনা কৰিব বুলি উল্লেখ কৰে।
কোনো ব্যক্তিকে এই ক্ষেত্ৰত অথথা বিতৰ্ক নকৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ।
হিন্দুস্থান সমাচাৰ / Narayan Kar