
বৰপেটা, ২২ নৱেম্বৰ (হি.স.)। ৯৭ সংখ্যক বৰপেটাৰোড সার্বজনীন ৰাস মহোৎসৱত কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান। পুৱতি নিশালৈকে জুবিন গাৰ্গৰ গীতেৰে মুগ্ধ কৰি ৰাখে ৰাইজক।
৯৭ সংখ্যক বৰপেটাৰোড সার্বজনীন ৰাস মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত গাই ৰাইজৰ সমাদৰ লাভকৰা কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠানে জীপাল কৰি তোলে বৰপেটাৰোড ৰাস মহোৎসৱ থলী। তেওঁ সংবাদমাধ্যমৰ আগত জনায় আমি সকলো শিল্পীয়ে জুবিন গাৰ্গক গানৰ মাজেৰে জীয়াই ৰাখিব লাগিব।
জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কম্প্ৰমাইজ নকৰোঁ, আমি ন্যায় পামেই বুলি কয়। কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ কণ্ঠ নিগৰাই এটাৰ পিছত এটা প্ৰয়াত অসমৰ হাৰ্টথৰ্ব জুবিন গাৰ্গৰ সুন্দৰ গীতেৰে পুৱতি নিশালৈকে ৰাইজক মুগ্ধ কৰি ৰাখে। ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা