
ডিব্ৰুগড়, ২২ নৱেম্বৰ (হি.স.)। ভোটাৰ তালিকা সংশুধনৰ নামত দুদিন পূর্বে অসমত কর্মসূত্রে বসবাস কৰিবলৈ অহা লোককো নাম অন্তৰ্ভুক্ত কৰি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুবিধা প্ৰদান কৰা কাৰ্যক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ জ্যোতি চাংমাইয়ে ডিব্ৰুগড়ত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি কয় এই নিয়তিয়ে অসমীয়া জাতিক নিঃশেষ কৰিব।
অসমত এতিয়া অসমীয়া মানুহৰ সংখ্য ৪৮শতাংশলৈ অবনমিত তাৰ বিপৰীতে বাহিৰৰ মানুহৰ সংখ্যা ৫২শতাংশলৈ বৃদ্ধি।কেৱল মাত্ৰ অৱৈধ প্ৰব্ৰজনকাৰীয়েই নহয় অসমত বসবাস কৰা অসমীয়া জাতিৰ নিঃশেষ কৰাৰ ক্ষেত্ৰত বহিৰাগতয়ো এক সবল ভুমিকা গ্ৰহণ কৰিছে ।অসমত অসমীয়াৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰি বহিৰাগতক অসমীয়াৰ সমানেই ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা হৈছে।লগতে তেওঁ আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰি কয় দুদিনৰ আগত অহা কিয় ৭১ চনৰ পিছত অহা অকল বিদেশীয়েই নহয় ৭১চনৰ পিছত অহা স্বদেশীকো ভূমিৰ অধিকাৰ সকলো ধৰণৰ ৰাজনৈতিক অধিকাৰ বা ভোট প্ৰদানৰো অধিকাৰৰ পৰা বাহিৰত ৰাখিব লাগে অসম এখন একে বাৰে সৰু ৰাজ্য এই সৰু ৰাজ্য খনক সুৰক্ষিত কৰি ৰখাটো ভাৰত চৰকাৰৰ দায়িত্ব ।
অসম এনেয়ো এখন বহিৰাগত আৰু প্ৰবজাতিৰ বোজা লৈ থকা ৰাজ্য আকৌ ভোতৰ উপৰত দানৱ পৰা দি ২দিন আগত অহা যিকোনো লোকক ভোটাৰ তালিকা সংশোধন কৰাৰ নামত ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা এই কাৰ্যই অসমীয়া জাতিটোক যে ক্ষতি কৰিব ই ধোৰূপ গতিকে এনে নিতীক মই বিৰোধিতা কৰো বুলিও মন্তব্য প্ৰকাশ কৰে সভাপতি গৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ