
নতুন দিল্লী, ২২ নৱেম্বৰ (হি.স.)। বৰ্তমান ১২খন ৰাজ্যত বৰ্তমান চলি থকা ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ)ৰ দ্বিতীয় পৰ্যায়ত ৯৮.৯৮ শতাংশ নিৰ্বাচনী প্ৰ-পত্ৰ বিতৰণ আৰু ৩৩.৪৫ শতাংশ ডিজিটাইজেচন সম্পূৰ্ণ হৈছে। ইয়াৰে আন্দামান আৰু নিকোবৰ, গোৱা, আৰু লক্ষদ্বীপে ১০০ শতাংশ ফৰ্ম বিতৰণ কৰাৰ বিপৰীতে লক্ষদ্বীপ, গোৱা, আৰু ৰাজস্থান ডিজিটেলাইজেচনৰ ক্ষেত্ৰত আগবাঢ়ি আছে। শনিবাৰে তথ্য প্ৰকাশ কৰাৰ সময়তে নিৰ্বাচন আয়োগে এই তথ্য ভাগ-বতৰা কৰে।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি আন্দামান আৰু নিকোবৰ, গোৱা, আৰু লক্ষদ্বীপত প্ৰ-পত্ৰ বিতৰণৰ কাম ১০০ শতাংশ সম্পূৰ্ণ হোৱাৰ বিপৰীতে গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান, আৰু উত্তৰ প্ৰদেশতো প্ৰ-পত্ৰ বিতৰণ সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে। ডিজিটেলাইজেচনৰ ক্ষেত্ৰত লক্ষদ্বীপে ৭৭.৩০ শতাংশ, গোৱা ৬৫.৩৯ শতাংশ, আৰু ৰাজস্থান ৬০.৫৪ শতাংশৰে আগবাঢ়ি আছে। আনহাতে, কেৰালা আৰু উত্তৰ প্ৰদেশত এই প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ বাতৰি পোৱা গৈছে।
এই নিবিড় পুনৰীক্ষণত ৫৩২,৮২৮ জন বুথ পৰ্যায়ৰ বিষয়া আৰু ১১৪০,৫৯৮ জন বুথ পৰ্যায়ৰ প্ৰতিনিধি জড়িত হৈ আছে। আয়োগে সকলো ৰাজনৈতিক দলকে অধিক বুথ পৰ্যায়ৰ এজেণ্ট নিযুক্তি দিবলৈ অনুৰোধ জনাইছে যাতে পৰীক্ষণ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে কৰিব পাৰে। আয়োগে স্পষ্ট কৰি দিয়ে যে বুথ পৰ্যায়ৰ বিষয়াসকলক জিলা নিৰ্বাচনী বিষয়াৰ অনুমোদন সাপেক্ষে নিৰ্বাচনী পঞ্জীয়ন বিষয়াই নিযুক্তি দিয়ে।
উল্লেখযোগ্য যে ৪ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ চলি থকা এই বিশেষ নিবিড় পুনৰীক্ষণ অভিযানত মুঠ ৫.৯ কোটিতকৈ অধিক ভোটাৰ থকা ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰ-পত্ৰ বিতৰণ আৰু ভোট ডিজিটেলাইজেচনৰ কাম দ্ৰুতগতিত আগবাঢ়িছে।
हिन्दुस्थान समाचार / অৰৱিন্দ