
কামৰূপ, ২২ নৱেম্বৰ (হি.স.)। আজি ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই ৮ খনকৈ বিদ্যালয়ত উপস্থিত হৈ গণিত বিজ্ঞান গৱেষণাগাৰ ভৱনৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভনী কৰে। ৰঙিয়াৰ প্ৰগতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আধাৰশিলা স্থাপন কৰাৰ অন্তত সাংবাদিকৰ আগত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
ৰঙিয়াৰ পৰা নিৰ্বাচনী কাৰ্যালয় উঠাই নিয়াত ৰাজ্য চৰকাৰৰ কোনো ভূমিকা নাই,এয়া কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ কথা। ৰঙিয়াত বন্দে ভাৰত এক্সপ্ৰেছ ৰখোৱাৰ বাবে মই নিজেই ৰেল প্ৰৱন্ধকক লগ কৰিছোঁ আৰু মুখ্যমন্ত্ৰীকো জনাইছো। সাংবাদিক ৰাণা ডেকাক ভাবুকি দিয়া প্ৰসংগত কয় যে সাংবাদিকক অপমান কৰিব নাপাই, মই বাটচাৰ পৰা বিজেপিত আছো কোনোদিনে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা নাই।
আগন্তুক ২৬ ৰ নিৰ্বাচনত কেবাটাও নতুন সমষ্টি হৈছে নিশ্চিত ভাৱে তাত মহিলা তথা নতুন প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব, ৰঙিয়া যিহেতু পুৰণা সমষ্টি ইয়াত তেনে কোনো সম্ভাৱনা নাই। ইতিমধ্যে আগন্তুক নিৰ্বাচনত বাবে কলিতাই প্ৰস্তুতি তুংগত বুলি কৈ চৰকাৰে প্ৰদান কৰা আচনি সমূহ ৰাইজৰ মাজত লৈ যাবলৈ দলৰ ফালৰ পৰা পৰামৰ্শ দিয়া হৈছে বুলিও জনাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা