
কামৰূপ, ২২ নৱেম্বৰ (হি.স.): কামৰূপ জিলাৰ হাজোৰ শনিয়াদিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তীব্ৰ বেগী বলে'ৰো মহতিয়ালে তিনি গৰাকী ছাত্ৰীক। ঘটনাস্থলীতে নিহত হয় দুগৰাকী ছাত্ৰী।
ইফালে আন এগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জনা গৈছে। ইফালে উত্তেজিত জনতাই জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন। হাজো আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণ কৰে জুই। দুৰ্ঘটনাক কেন্দ্ৰ কৰি পথটোৰে বন্ধ হৈ পৰে যান বাহনৰ চলাচল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ