
বিশ্বনাথ, ২২ নৱেম্বৰ (হি.স.): বিশ্বনাথ জিলাৰ গহপুৰৰ ব্ৰহ্মাজান মহেন্দ্ৰপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হোৱা পথ দূৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। আজি পুৱতি নিশা লক্ষীমপুৰ অভিমুখী ৰখাই থোৱা এএছ ০১ ৯৩৪৪ নম্বৰৰ বিকল ট্ৰাক এখনত একে দিশৰে অহা এএছ ০১ কিউচি ৪২৭৯ নম্বৰৰ ইটা ভৰ্ত্তি ট্ৰাক এখনে পাছফালৰ পৰা খুন্দা মৰাত চালক কৃষ্ণ সোণোৱাল গুৰুত্ব ভাৱে আহত হয় । ততাতৈয়াকৈ গহপুৰ শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত নিয়ে যদিও কৃষ্ণ সোণোৱাল চিকিৎসালয়তে মৃত্যু হয় । নিহত কৃষ্ণ সোণোৱালৰ ঘৰ লক্ষীমপুৰৰ বগিনদীত বুলি জনা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ