
ধুবুৰী, ২২ নৱেম্বৰ (হি.স.)। বিলাসীপাৰাৰ বেলতলী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।আল্ট্ৰা বাছৰ দৌৰাত্ম্যক দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত এজন পথচাৰী। গুৰুত্বপূৰ্ণভাবে আহত লোকজন অতি সংকটজনক অৱস্থাত বিলাসীপাৰা চিকিৎসালয়ত প্ৰেৰণ কৰে। চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে লোক জন।
গুৰুত্বৰ ভাৱে আহত লোক জন গুটিপাৰা তৃতীয় খণ্ডৰ কানছা সেখ বুলি জানিব পৰা গৈছে।চাপৰৰ পৰা ধুবুৰী অভিমুখে আহি থকা অৱস্থাত অভাৰটেক কৰাৰ সময়ত বাছত তলত পৰে লোক জন।দুৰ্ঘটনা সংঘটিত কৰা আল্ট্ৰা যাত্ৰীবাহী বাছ খনৰ নম্বৰ হ'ল এম এল ০৮ ই ২৫২৯ । সঘনাই আল্ট্ৰা যাত্ৰীবাহী বাছে দৌৰাত্ম্য অতিষ্ঠ কৰি তুলিছে জনসাধাৰণৰ।এই ক্ষেত্ৰত আল্ট্ৰা যাত্ৰীবাহী বাছ সমূহ নাকী লগাবলৈ ব্যৰ্থ ধুবুৰী জিলা পৰিবহণ বিভাগ।অতি শীঘ্ৰে ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা আল্ট্ৰা যাত্ৰীবাহী বাছ বিলাকক নাকী লগাবলৈ প্ৰশাসনক দাবী জনায় স্থানীয় ৰাইজ তথা দল সংগঠনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ