আদানি গ্ৰুপৰ সৈতে হোৱা শক্তি চুক্তিৰ অভিযোগত বৰপেটাৰোডত এপিডিচিএল কৰ্মচাৰীৰ প্ৰতিবাদ
বৰপেটা, ২২ নৱেম্বৰ (হি.স.)। আদানি গ্ৰুপৰ সৈতে সম্পাদিত শক্তি চুক্তি। বৰপেটা ৰোডত এপিডিচিএল ৰ কৰ্মচাৰীৰ প্ৰতিবাদ l এপিডিচিএল কৰ্মচাৰীৰ সৈতে কোনো আলোচনা নকৰাকৈ চৰকাৰে লোৱা এই সিদ্ধান্তত খৰ্গহস্ত কৰ্মচাৰী সকল। হাতে হাতে প্লে কাৰ্ড লৈ এ পি ডি চি এলৰ ব
আদানি গ্ৰুপৰ সৈতে হোৱা শক্তি চুক্তিৰ অভিযোগত বৰপেটাৰোডত এপিডিচিএল কৰ্মচাৰীৰ প্ৰতিবাদ


বৰপেটা, ২২ নৱেম্বৰ (হি.স.)। আদানি গ্ৰুপৰ সৈতে সম্পাদিত শক্তি চুক্তি। বৰপেটা ৰোডত এপিডিচিএল ৰ কৰ্মচাৰীৰ প্ৰতিবাদ l এপিডিচিএল কৰ্মচাৰীৰ সৈতে কোনো আলোচনা নকৰাকৈ চৰকাৰে লোৱা এই সিদ্ধান্তত খৰ্গহস্ত কৰ্মচাৰী সকল। হাতে হাতে প্লে কাৰ্ড লৈ এ পি ডি চি এলৰ বৰপেটাৰোড উপ সংমণ্ডলৰ কৰ্মচাৰীৰ প্ৰতিবাদ।

বৰপেটা ৰোড বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ত ঠিকাভিত্তিত কৰ্মচাৰী সকলৰ তীব্ৰ প্ৰতিবাদ সাব্য়স্ত। আদানি গ'বেক, অসম চৰকাৰ হায় হায়, বিজেপি মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ,আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে । এই চুক্তিৰ ফলত গ্ৰাহকৰ লগতে ক্ষতিৰ সন্মুখীন হব কৰ্মচাৰী সকলো।

ৰাজ্য়ৰ শক্তি বিভাগৰ এক উচ্চ স্থৰীয় সুত্ৰই সদৰি কৰা তথ্য় অনুসৰি আদানি গ্ৰুপৰ পৰা অতি উচ্চ হাৰত বিদ্যুত ক্ৰয় কৰিবলৈ অসমৰ শক্তি বিভাগে এক চুক্তি স্বাক্ষৰ কৰিছে।আদানি গ্ৰুপে তাপ বিদ্য়ুত প্ৰকল্পত উতপাদন কৰা বিদ্যুত অতি উচ্চ হাৰত অসমৰ শক্তি বিভাগক বিক্ৰি কৰিবলৈ এক চুক্তি স্বাক্ষৰ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande