২৪ নৱেম্বৰত জামুগুৰিহাটত অসম বুক অৱ ৰেকৰ্ডচৰ লক্ষ্যৰে লাচিত দিৱস উদযাপনৰ প্ৰস্তুতি
শোণিতপুৰ, ২২ নৱেম্বৰ (হি.স.)। হাতত হেংদাঙ লৈ জামুগুৰিহাটত এহেজাৰ তিনিশ যুৱকৰ জয় আই অসম ধ্বনি ৷ লাচিত দিৱসত এহেজাৰ যুৱকে প্ৰতিকী নাও লৈ ৰাজপথত নামিব অসম বুক অব ৰেকৰ্ডছৰ বাবে ৷ ২৪ নৱেম্বৰত জামুগুৰিহাটত অসম বুক অৱ ৰেকৰ্ডচৰ লক্ষ্যৰে লাচিত দিৱস উদযাপনৰ
২৪ নৱেম্বৰত জামুগুৰিহাটত অসম বুক অৱ ৰেকৰ্ডচৰ লক্ষ্যৰে লাচিত দিৱস উদযাপনৰ প্ৰস্তুতি


শোণিতপুৰ, ২২ নৱেম্বৰ (হি.স.)। হাতত হেংদাঙ লৈ জামুগুৰিহাটত এহেজাৰ তিনিশ যুৱকৰ জয় আই অসম ধ্বনি ৷ লাচিত দিৱসত এহেজাৰ যুৱকে প্ৰতিকী নাও লৈ ৰাজপথত নামিব অসম বুক অব ৰেকৰ্ডছৰ বাবে ৷ ২৪ নৱেম্বৰত জামুগুৰিহাটত অসম বুক অৱ ৰেকৰ্ডচৰ লক্ষ্যৰে লাচিত দিৱস উদযাপনৰ প্ৰস্তুতি ৷

এই উদ্দেশ্যৰে এহেজাৰ তিনিশ যুৱকে হাতত হেংদাঙ লৈ লাচিতৰ বেশত শোভাযাত্ৰা কৰিব ৷ তাৰেই অংশস্বৰূপে জামুগুৰিহাটৰ পকামূৰা পথাৰত প্ৰস্তুতিৰ শেষ আখৰাত ব্যস্ত এইসকল সুঠাম যুৱক ৷ আজি পূৱা নদুৱাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা এক হেজাৰৰো অধিক যুৱক জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পকামূৰা পথাৰত উপস্থিত হৈ শেষবাৰৰ বাবে এইদৰেই আখৰাত ব্যস্ত হোৱা দেখা যায় ৷ ইফালে এক হেজাৰ যুৱক লাচিতৰ বেশত শোভাযাত্ৰা কৰিব পৰাকৈ এখন বিশাল নাও নিৰ্মান কৰাৰ বিষয়েও জনা যায় ৷ চতিয়াৰ উদ্যমি যুৱক তথা বিধায়ক পদ্ম হাজৰিকাৰ পুত্ৰ নিৰজ নিশিম হাজৰিকাৰ একক প্ৰচেষ্টাত এই লাচিত দিৱস উদযাপন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande