
বঙাইগাঁও, ২২ নৱেম্বৰ (হি.স.)। বঙাইগাঁও জিলাৰ সৃজন গ্ৰাম সমষ্টিৰ অন্তগৰ্ত শৌলমাৰী - নোৱাগাও ভঙা দলঙেৰে যাতায়ত কৰিব লগা হৈছে ৰাইজে। নিম্নমানৰ দুৰ্বল কাঠেৰে দলং নিৰ্মাণ কৰাত জহি খহি গৈছে শৌলমাৰী - নোৱাগাওলৈ যোৱা কাঠৰ দলং। ব্যাহত হৈ পৰিছে জৰুৰীকালীন সেৱা।
বঙাইগাঁও জিলাৰ সৃজন গ্ৰাম সমষ্টিৰ অন্তগৰ্ত শৌলমাৰী - নোৱাগাও পথৰ জৰাজীৰ্ণ কাঠৰ দলঙে যাতায়তৰ ক্ষেত্ৰত ৰাইজ নৰক যন্ত্ৰণা
ভোগ কৰিবলগীয়া হৈছে ৷ দীৰ্ঘদিন ধৰি কাঠৰ দলং খনৰ এনে জৰাজীৰ্ণ অৱস্থাৰ বাবে স্কুল-কলেজৰ ছাত্ৰছাত্ৰীৰ উপৰিও যানবাহন চলাচলৰ ক্ষেত্ৰত ৰাইজৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে ৷ কোনো কোনো সময়ত দল’ খন পাৰ হওতে দুৰ্ঘটনা হোৱাৰো অভিযোগ উথাপিত হৈছে ৷ এই ভাৱেই জহিখহি যোৱা কাঠৰ দলং খনৰ ওপৰেদি মাল ভৰ্তি ট্ৰেক্টৰ দৈনিক যাতায়ত কৰিবলগীয়া হৈছে ৷ এইক্ষেত্ৰত পথচাৰী সকলে জৰাজীৰ্ণ কাঠৰ দলং খন সোনকালে মেৰামতি কৰি যাতায়তৰ সু-ব্যৱস্থা কৰাৰ বাবে অসম চৰকাৰক আহ্বান জনাইছে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু