ৰঙাপৰাত বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে উজাগৰি নিশা কটাবলগীয়া হৈছে ৰাইজে
শোণিতপুৰ, ২২ নৱেম্বৰ (হি.স.)। ৰঙাপৰাত বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে উজাগৰি নিশা কটাবলগীয়া হৈছে ৰাইজে ৷ সন্ধিয়া হোৱাৰ লগে লগে বন্যহস্তী জাক অতিক্ৰম কৰিছে ঘাইপথ ৷ ৰঙাপৰাত বন্যহস্তীৰ মুক্ত বিচৰনে এতিয়া চিন্তিত কৰি তুলিছে অঞ্চলবাসী ৰাইজক ৷ খাদ্যৰ সন্ধানত
ৰঙাপৰাত বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে উজাগৰি নিশা কটাবলগীয়া হৈছে ৰাইজে


শোণিতপুৰ, ২২ নৱেম্বৰ (হি.স.)। ৰঙাপৰাত বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে উজাগৰি নিশা কটাবলগীয়া হৈছে ৰাইজে ৷ সন্ধিয়া হোৱাৰ লগে লগে বন্যহস্তী জাক অতিক্ৰম কৰিছে ঘাইপথ ৷ ৰঙাপৰাত বন্যহস্তীৰ মুক্ত বিচৰনে এতিয়া চিন্তিত কৰি তুলিছে অঞ্চলবাসী ৰাইজক ৷ খাদ্যৰ সন্ধানত সন্ধিয়া বনাঞ্চলৰ পৰা ওলাই অহা জাক জাক বন্যহস্তীয়ে কৃষক ৰাইজৰ পকা ধাননি পথাৰৰ লগতে মানুহৰ ঘৰ দুৱাৰ ভাঙি ত্ৰাসৰ সৃষ্টি কৰিছে । ৰঙাপৰা -বালিপৰা সংযোগী পথৰ ৰঙাপৰা মহাবিদ্যালয়ৰ সমীপত বন্যহস্তীৰ মুক্ত বিচৰণ ৷

সন্ধিয়া সময়ত এনেদৰে প্ৰতিদিনে পাৰ হয় ঘাইপথ ৷ বন্যহস্তীৰ জাক সমুহ ঘাইপথ অতিক্ৰম কৰাৰ সময়ত পথৰ দুয়োকাষে আৱদ্ধ হৈ পৰে যানবাহন সমূহ ৷ বন্যহস্তীৰ জাকে দিনৰ ভাগত ধাননি পথাৰৰ ধান খায় তহিলং কৰি আহিছে । কেৱল সেয়াই নহয় নিশা ভাগতো ধাননি পথাৰত প্ৰৱেশ কৰে বন্যহস্তী । বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে এতিয়া উজাগৰি নিশা কটাবলগীয়া হৈছে গঞা ৰাইজে ৷ উল্লেখ্য যে আমাৰিবাৰী বন বিভাগৰ কৰ্মী সকলে বন্যহস্তীৰ জাক সমূহ পুণৰ বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ এটা দুটা নহয় ৰঙাপৰাত প্ৰৱেশ কৰিছে বন্যহস্তীৰ কেইবাটাও জাক ৷ যাৰ বাবে চিন্তিত হৈ পৰিছে ৰঙাপৰা অঞ্চলবাসী ৰাইজ ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande