
কোকৰাঝাৰ, ২২ নৱেম্বৰ (হি.স.)। দেশৰ ভিতৰতে আটাইতকৈ উচ্চ নিৰিখত আদানী গ্ৰুপৰ সৈতে সম্পাদিত বিদ্যুত ক্ৰয়ৰ চুক্তি বাতিলৰ দাবীত প্ৰতিবাদত নামিল বিদ্যুত বিভাগৰ বিষয়া-কৰ্মচাৰী৷অসম বিদ্যুত বিতৰণ পৰিসেৱা লিমিটেডৰ গোসাঁইগাঁও উপ সংমণ্ডলত কৰ্মৰত বিষয়া-কৰ্মচাৰী সকলে আজি নিজৰ কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি আদানী গ্ৰুপৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে৷
সাম্প্ৰতিক সময়ত বিদ্যুত বিতৰণ পৰিসেৱা লিমিটেডে দুই বা তিনি টকা নিৰিখত বিদ্যুত ক্ৰয় কৰি থকাৰ বিপৰীতে ধুবুৰী জিলাৰ বিলাসীপাৰাত নিৰ্মীয়মাণ আদানী গ্ৰুপৰ পৰা ৬'৩৮ টকা নিৰিখত বিদ্যুত ক্ৰয়ৰ সিদ্ধান্তই এপিডিচিএলক যথেষ্ট ক্ষতিগ্ৰস্ত কৰিব বুলি বিষয়া-কৰ্মচাৰী সকলে শংকা প্ৰকাশ কৰিছে৷দেশৰ ভিতৰতে আটাইতকৈ উচ্চ নিৰিখত বিদ্যুত ক্ৰয় কৰা ঘটনা চৰকাৰৰ এটা হঠকাৰী সিদ্ধান্ত বুলি অভিহিত কৰি এই চুক্তি বাতিল নকৰিলে বিদ্যুত ব্যৱহাৰৰ নামত ৰাইজে বৰ্তমানৰ তুলনাত বহুগুণে মাচুল ভৰিব লাগিব বুলিও প্ৰকাশ কৰে৷গোসাঁইগাঁও সদৰ চহৰৰ মহাৰাজপুৰ তিনিআলিস্থিত বিদ্যুত বিভাগৰ উপ সংমণ্ডল কাৰ্যলয়ৰ সন্মুখত বিভাগৰ বিষয়া-কৰ্মচাৰী সকলে আদানী গ্ৰুপ গ’বেক, আদানী গ্ৰুপ হুচিয়াৰ, আদানী গ্ৰুপ হায়!হায়, বিদ্যুত বিভাগ ব্যক্তিগতকৰণ নচলিব, আদানী চুক্তি বাতিল কৰক আদি বিভিন্ন প্ৰতিবাদী ধ্বনিৰে কাৰ্যলয় চৌহদ মুখৰিত কৰি তোলে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ