
কাঠমাণ্ডু, ২২ নৱেম্বৰ (হি.স.)। অৱশেষত নেপালী সংসদৰ নিম্ন সদন, প্ৰতিনিধি সদনৰ পাঁচ মাৰ্চৰ নিৰ্বাচনত অংশগ্ৰহণৰ আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰিছে নেপালী কংগ্ৰেছে। আনহাতে চিপিএন (ইউএমএল)-এ ইয়াৰ বিৰোধিতা কৰি আছে।
শনিবাৰে অনুষ্ঠিত হোৱা নেপালী কংগ্ৰেছৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সমিতিৰ বৈঠকত সংসদীয় নিৰ্বাচনত অংশগ্ৰহণৰ বাবে দেওবাৰে নিৰ্বাচন আয়োগক লিখিত তথ্য দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। নেপালী কংগ্ৰেছৰ সাধাৰণ সম্পাদক গগন থাপাই বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয় যে প্ৰতিনিধি সদনৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ একমাত্ৰ উপযুক্ত সমাধান হ’ল নিৰ্বাচন আৰু এই বিশ্বাসৰ লগত খাপ খুৱাই নেপালী কংগ্ৰেছে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।
থাপাই উল্লেখ কৰে যে নেপালী কংগ্ৰেছে জানুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া সংসদৰ উচ্চ সদন, ৰাষ্ট্ৰীয় বিধানসভা আৰু মাৰ্চ মাহত হ’বলগীয়া প্ৰতিনিধি সদনত নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগক লিখিত তথ্য দাখিল কৰাৰ সিদ্ধান্ত লৈছে। ইফালে চিপিএনৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিয়ে প্ৰতিনিধি সদন পুনৰ গঠন নোহোৱালৈকে শক্তিৰ প্ৰদৰ্শন অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে।
ভৃকুতিমণ্ডপত এক সভাত ভাষণ দি অলিয়ে কয় যে এয়া কোনো নিৰ্বাচনী সভা নহয়। দেশ আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে, সংবিধান ৰক্ষাৰ বাবে, জনসাধাৰণৰ অধিকাৰ ৰক্ষাৰ বাবে আয়োজন কৰা এক ৰাজহুৱা সমাৱেশ। উল্লেখযোগ্য যে নেপালৰ দলসমূহে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ পূৰ্বে নিৰ্বাচন আয়োগক লিখিত তথ্য প্ৰদান কৰিব লাগিব।
हिन्दुस्थान समाचार / অৰৱিন্দ