
দৰং, ২২ নৱেম্বৰ (হি.স.)। মাজবাট আৰক্ষীৰ বৃহত সফলতা৷ মাজবাট আৰক্ষী আৰু ২৩ নম্বৰ এছ এছ বিৰ যৌথ অভিযানত ১১০ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ। এজন গাঞ্জা ব্যৱসায়িক আটক আৰক্ষীৰ। গাঞ্জা খিনিৰ আন্তৰাজ্যিক মুল্য আনুমানিক ১১ লাখ টকা হব বুলি অনুমান কৰা হৈছে। মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত নিজৰাৰ চুদেমপুৰী গাওঁৰ পৰা জব্দ হয় গাঞ্জাখিনি।
গাঞ্জা ব্যৱসায়ৰ সৈতে জড়িত এজনক আটক কৰিছে আৰক্ষীয়ে। আটকাধীন লোক জনে অৰুণাচল প্ৰদেশৰ পৰা গাঞ্জাখিনি আনি থকা অৱস্থাত গাঞ্জা সহ আটক কৰে আৰক্ষী আৰু এছ এছ বিৰ জোৱান সকলে। আৰক্ষীয়ে আটক কৰা গাঞ্জা ব্যৱসায়ী জন হৈছে মাজবাট থানাৰ অন্তৰ্গত নিজৰাৰ গুজেন পুৰি গাওঁৰ থাজিম বসুমতাৰী (২০) বুলি আৰক্ষী সুত্ৰে প্ৰকাশ কৰে। জব্দকৃত গাঞ্জাখিনিৰ আন্তঃৰাজ্যিক আনুমানিক বজাৰ মূল্য প্ৰায় ১১ লাখ টকা। ঘটনা সন্দর্ভত মাজবাট আৰক্ষীয়ে ৬২ /২৫ নম্বৰত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা