মঙ্গলদৈত লেহেমীয়া গতিত চলিচে বাইপাছৰ কাম
দৰং, ২২ নৱেম্বৰ (হি.স.)। মঙ্গলদৈত লেহেমীয়া গতিত চলিচে বাইপাছৰ কাম। নিৰ্লিপ্ত ভূমিকা বাইপাছ নিৰ্মাণ প্ৰতিষ্ঠান ভেনচাৰ কৰ্তৃপক্ষ।চৰকাৰে দিয়া সময়সীমা ছয় মাহ অতিক্ৰম কৰাৰ পিছতো ৫০% কামৰ অগ্ৰগতি দেখা নগ''ল বাইপাছ নিৰ্মাণৰ কাম।পুনৰ অহা মাৰ্চ মাহৰ ১ ত
মঙ্গলদৈত লেহেমীয়া গতিত চলিচে বাইপাছৰ কাম


দৰং, ২২ নৱেম্বৰ (হি.স.)। মঙ্গলদৈত লেহেমীয়া গতিত চলিচে বাইপাছৰ কাম। নিৰ্লিপ্ত ভূমিকা বাইপাছ নিৰ্মাণ প্ৰতিষ্ঠান ভেনচাৰ কৰ্তৃপক্ষ।চৰকাৰে দিয়া সময়সীমা ছয় মাহ অতিক্ৰম কৰাৰ পিছতো ৫০% কামৰ অগ্ৰগতি দেখা নগ'ল বাইপাছ নিৰ্মাণৰ কাম।পুনৰ অহা মাৰ্চ মাহৰ ১ তাৰিখে পথ সম্পুৰ্ণ কৰি ৰাইজৰ বাবে মুকলি কৰৰ প্ৰতিশ্ৰুতি দিয়ে ভেনচাৰ কৰ্তৃপক্ষই।

এতিয়া প্ৰশ্ন হ'ল তিনি বছৰে ৫০ শতাংশ কাম সম্পন্ন কৰিব নোৱাৰা প্ৰতিষ্ঠান টোৱে অহা তিনি মাহত কেনেদৰে বাইপাছৰ কাম সম্পন্ন কৰিব লক্ষনীয়।পথৰ কাম লেহেমীয়া হোৱাৰ প্ৰতি গুৰুত্ব দি জিলা আয়ুক্তই ভেনচাৰ প্ৰতিষ্ঠানৰ মুৰব্বী সকলৰ সৈতে মিলিত হৈ কি কাৰণত লেহেমীয়া হৈছে সেই বিষয়ে তেওঁলোকৰ পৰা জানিব বিচাৰে আৰু কাম খৰতকীয়া কৰিবলৈ আহ্বান জনায়।

ইফালে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকাৰীয়ে ৪৮% শতাংশ কামহে অগ্ৰগতি হোৱা কথা স্বীকাৰ কৰি অহা মাৰ্চ মাহৰ ১ তাৰিখৰ ভিতৰত কাম সম্পন্ন কৰিবলৈ ভেনচাৰ প্ৰতিষ্ঠানক আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande