
মানকাচৰ, ২২ নৱেম্বৰ (হি.স.)। মানকাচৰত ভুক্তভোগী মহিলাই হল মুল অভিযুক্ত। ঘৰৰ নগদ টকা আ-অলংকাৰ চুৰি কৰি ডকাইতিৰ ৰূপ দিয়াৰ চেষ্টা বিধৱা মহিলাৰ। প্ৰসংগঃ মানকাচৰত মহিলাক ধৰ্ষণ কৰি নগদ ১০ লাখ টকা সহ ২০ লাখ টকাৰ সোণৰ অলংকাৰ ডকাইতি ৷
ভুক্তভুগি মহিলা সহ আটক দুজন ৷
উদ্ধাৰ কৰা হৈছে নগদ ১০ লাখ টকাৰ লগতে প্ৰায় ১০ লাখ টকাৰ সোণৰ আ- অলংকাৰ ৷ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হব ধৰ্ষণ কৰি ডকাইতি কৰাৰ অভিযোগ তোলা মহিলা সহ ধৃত ডকাইত জন ৷ ধৃত ডকাইতক গোৱালপাৰা জিলাৰ ২ নং বদলমাৰী গাঁৱৰ নুৰ মহাম্মদৰ পুত্ৰ ৰহমত আলী বুলি চিনাক্ত কৰা হৈছে ৷
ঘটনাৰ বিবৰণী মতে, যোৱা ১৫ নৱেম্বৰ নিশা মানকাচৰৰ ৱাইদুল ইছলামৰ ঘৰত ৰহস্য জনক ডকাইতি কাণ্ড সংঘটিত হয় ৷ ৱাইদুলৰ ভাই বোৱাৰী প্ৰেমীকৰ লগত লগ লাগি ডকাইতিৰ ৰুপ দিছিল৷ প্ৰয়াত ছাইদুলৰ পত্নীক ডকাইতে ধৰ্ষণ কৰি নগদ ১০ লাখ টকা আৰু প্ৰায় ১০ লাখ টকাৰ সোণৰ অলংকাৰ লুট কৰি নিয়াৰ অভিযোগ উত্থাপন কৰিো১৬ নৱেম্বৰত বিধবা মহিলা জনীৰ স্বামী পৰিয়ালৰ লোকে মানকাচৰ থানাত এজাহাৰ দাখিল কৰিছিল ৷
এজাহাৰৰ পিছত আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত ৷ ঘটনাৰ তদন্ত চলাই নিশা ধৰ্ষণৰ অভিযোগ তোলা বিধবা মহিলা জনীক আটক কৰাৰ লগতে গোৱালপাৰাৰ আৰক্ষীৰ সহযোগত গোৱালপাৰাৰ পৰা আটক কৰে ডকাইত ৰহমতক ৷
আৰক্ষীৰ তদন্ত নাটকীয় ডকাইতি আৰু ধৰ্ষণৰ ঘটনা পোহৰলৈ আহে ৷ বিধবা মহিলা গৰাকীৰ পৰাকীয়া প্ৰেমিক হৈছে ৰহমত আলী ৷ স্বামীৰ মৃত্যুৰ পাছত দুয়ো ২০২২ চনত আদালতত গোপনে বিবাহ পাতিছিল ৷
প্ৰয়াত স্বামীৰ পৰিয়ালৰ ঘৰৰ পৰা নগদ টকা আৰু সোণৰ অলংকাৰ খিনি লুটি নিয়াৰ পৰিকল্পনাঃ কৰিছিল দুয়ো ৷ ফলত নাটকীয় ভাবে ধৰ্ষণ কৰি ডকাইতি কৰা বুলি অভিযোগ তুলি ১৬/১১/২০২৫ তাৰিখে মানকাচৰ আৰক্ষী থানাত ১৫২/২০২৫ নম্বৰত এখন এজাহাৰ দাখিল কৰিছিল৷ মানকাচৰ আৰক্ষীয়ে ৩২৯(৪)/৬২/৬৪/৩০৬/৩(৫)বি এন এছ ধাৰাত গোচৰ পঞ্জীয়ন কৰি তদন্ত অৱ্যহত ৰাখিছিল৷
আৰক্ষীৰ তদন্তত সকলো তথ্য পৰহিলৈ আহিছে এই তথ্য ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা