
ধুবুৰী, ২২ নৱেম্বৰ (হি.স.): সদৌ অসম ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰে গৃহত কৰিব বিচৰা ছয় জনগোষ্ঠীৰ জনজাতি কৰ্ণৰ বিৰোধিতাৰে গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমানৰ জৰিয়তে স্মৰক পত্ৰ প্ৰেৰণ কৰে। আজি পুৱা পৰ্বতঝোৰা জিলা সমিতিৰ এটা সজাতি দলে অধ্যক্ষ নিৰঞ্জন ব্ৰহ্মৰ লগত জিলা সমিতিৰ বহু কেইগৰাকী সদস্যই বিধায়ক গৰাকীৰ বাসগৃহত উপস্থিত হৈ স্মৰক পত্ৰ দিয়ে।
ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে বহু ক্ষয় ক্ষতি হ'ব আৰু স্বীকৃতি জনজাতি সকলৰ বহু অসুবিধাৰ সন্মুখীন হ'ব বুলিও মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ