চৌ টিয়েন চেনক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেন ২০২৫ৰ ফাইনেলত লক্ষ্য সেন
নতুন দিল্লী, ২২ নৱেম্বৰ (হি.স.)। ছিডনীত চলি থকা অষ্ট্ৰেলিয়ান অ’পেন ২০২৫ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ একক ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় তাৰকা শ্বাটলাৰ লক্ষ্য সেনে। শনিবাৰে অনুষ্ঠিত ছেমিফাইনেল খেলখনত চেনে চীনা টাইপেইৰ চৌ টিয়েন চেনক ১৭-২১, ২৪-২২, ২১
लक्ष्य सेन


নতুন দিল্লী, ২২ নৱেম্বৰ (হি.স.)। ছিডনীত চলি থকা অষ্ট্ৰেলিয়ান অ’পেন ২০২৫ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ একক ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় তাৰকা শ্বাটলাৰ লক্ষ্য সেনে। শনিবাৰে অনুষ্ঠিত ছেমিফাইনেল খেলখনত চেনে চীনা টাইপেইৰ চৌ টিয়েন চেনক ১৭-২১, ২৪-২২, ২১-১৬ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

এই বছৰ হংকং অ’পেনৰ ছেমি ফাইনেলতো দুয়োজনে মুখামুখি হৈছিল, য’ত ভাৰতীয় বেডমিণ্টন খেলুৱৈ ছেনে সেই মেচখনত ২৩-২১, ২২-২০ ব্যৱধানত জয়লাভ কৰিছিল।

বিশ্বৰ ১৪ নম্বৰ স্থানত থকা লক্ষ্য সেনে এক ঘণ্টা ২৬ মিনিটৰ ৰোমাঞ্চকৰ খেলত বিশ্বৰ ৬ নম্বৰ খেলুৱৈগৰাকীক কঠিন যুঁজ দিয়ে। চৌ টিয়েন চেনে প্ৰথমখন খেলত ২১-১৭ ব্যৱধানত জয়লাভ কৰি শক্তিশালী আৰম্ভণি কৰে। দ্বিতীয়খন খেলত লক্ষ্য সেনে নিজৰ খেল উন্নত কৰি প্ৰত্যাৱৰ্তন কৰে। চেনে ২৪-২২ ব্যৱধানত জয়লাভ কৰে। তৃতীয়খন খেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে আৰম্ভণিৰে পৰা চীনা টাইপেইৰ খেলুৱৈগৰাকীৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। চৌ টিয়েন চেনে ভুল কৰা দেখা গৈছিল যদিও লক্ষ্য সেনে নিজৰ দখল বজাই ৰাখিছিল। অৱশেষত ভাৰতীয় শ্বাটলাৰগৰাকীয়ে খেলখনত ২১-১৬ ব্যৱধানত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে।

ফাইনেলত দেওবাৰে লক্ষ্য সেনে জাপানৰ খেলুৱৈ যুছি তানাকাৰ বিৰুদ্ধে মুখামুখি হ’ব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande