
ধৰ্মশালা, ২২ নৱেম্বৰ (হি স)। জাৰ্মানীৰ পৰা ভাৰত ভ্ৰমণলৈ অহা এফ চি ইংগলষ্টাডৰ চি ই অ’ ডায়েটমাৰ বেয়াৰ্ছডৰ্ফাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সঞ্চালক মেনুৱেল শ্বেফাৰে শনিবাৰে টি চি জি ক্ৰেষ্টৰ সঞ্চালক ড০ পাৰ্থসাৰথি ভট্টাচাৰ্য আৰু ফুটবল বিদ্বান কৌশিক মৌলিকৰ সৈতে ধৰ্মশালাৰ এইচ পি চি এ ক্ৰিকেট ষ্টেডিয়াম খন পৰিদৰ্শন কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সংসদ সদস্য অনুৰাগ সিঙ ঠাকুৰৰ সৈতে সাক্ষাৎ কৰে ।
নিজৰ অভিজ্ঞতা ব্যক্ত কৰি ডায়েটমাৰে কয় যে ভাৰতলৈ আহি পাহাৰৰ মাজত সোমাই থকা ইমান সুন্দৰ, আৰামদায়ক আৰু অত্যাধুনিক ষ্টেডিয়ামখন কেনেদৰে ক্ৰীড়াপ্ৰেমীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সেয়া দেখাটো এটা অবিস্মৰণীয় মুহূৰ্ত। ধৰ্মশালাৰ এইচ পি চি এৰ ক্ৰিকেট খেলপথাৰখন বিশ্বৰ আটাইতকৈ ধুনীয়া ক্ৰীড়া খেলপথাৰ। এই ক্ৰিকেট খেলপথাৰৰ সৃষ্টিকৰ্তা তথা বি চি চি আইৰ প্ৰাক্তন সভাপতি অনুৰাগ সিং ঠাকুৰক লগ পাই তেওঁৰ দৃষ্টিভংগী বুজিবলৈ আৰু তেওঁৰ অভিজ্ঞতা ভাগ-বতৰা কৰিবলৈ পাই আনন্দিত হৈ পৰিলোঁ।
ধৰ্মশালাক ভাৰতৰ পৰৱৰ্তী বৃহৎ ক্ৰীড়া কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত অনুৰাগ ঠাকুৰৰ দূৰদৰ্শী নেতৃত্বৰ সাক্ষী হোৱাটো সঁচাকৈয়ে প্ৰেৰণাদায়ক আছিল। তেওঁৰ আবেগ, স্পষ্ট দৃষ্টিশক্তি, আৰু পাহাৰত ক্ৰীড়াৰ মনোভাৱ জগাই তোলাৰ অদম্য প্ৰচেষ্টাই আমি কেৱল আচৰিত হোৱাই নহয়, গভীৰভাৱে আপ্লুত হৈছিলো।
এইচ পি চি এৰ সাধাৰণ সম্পাদক অবনীশ পাৰমাৰে কয় যে অনুৰাগ সিং ঠাকুৰৰ নেতৃত্বত হিমাচলৰ ক্ৰীড়া আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে। ধৰ্মশালা ক্ৰিকেট খেলপথাৰ এতিয়া আন্তঃৰাষ্ট্ৰীয় আকৰ্ষণৰ কেন্দ্ৰবিন্দু। দেশী-আন্তঃৰাষ্ট্ৰীয় বিভিন্ন ক্ৰীড়াৰ ক্ৰীড়া প্ৰশাসকসকলে সঘনাই ধৰ্মশালা ক্ৰিকেট খেলপথাৰলৈ আহে। অহা ১৪ ডিচেম্বৰত ঘৰুৱা খেলখনৰ বাবে আমি সম্পূৰ্ণ সাজু আৰু ভৱিষ্যতেও হিমাচলৰ ক্ৰিকেট অনুৰাগীসকলৰ বাবে আৰু অধিক মেচৰ আয়োজন কৰি যাম।
हिन्दुस्थान समाचार / অৰৱিন্দ